অসম

assam

ETV Bharat / state

অগণন ভক্তৰ সমাগমেৰে মুখৰিত বটদ্ৰৱা

আজি বটদ্ৰৱা দৌল মহোৎসৱৰ প্ৰথম দিন ৷ প্ৰথমটো দিনতে অগনণ বৈষ্ণৱ ভক্তৰ সমাগমেৰে মুখৰিত হ'ল গুৰুজনাৰ জন্মস্থান ৷ আজি গন্ধ উৎসৱ উপলক্ষে মহাপ্ৰভূক নামঘৰৰ মনিকুটৰ পৰা নমাই আনি অস্থায়ী গৃহলৈ নি শুদ্ধিকৰণ কৰিব ভকত বৈষ্ণৱ সকলে ৷

দৌল মহোৎসৱৰ প্ৰথম দিন
দৌল মহোৎসৱৰ প্ৰথম দিন

By

Published : Mar 8, 2020, 1:42 PM IST

বটদ্ৰৱা, 8 মাৰ্চঃআজিৰে পৰা আৰম্ভ হ'ল ৰঙৰ উৎসৱ ফাকুৱা ৷ সেই উপলক্ষে ভক্তি ৰসৰ নিজৰা বোৱাই সম্পূৰ্ণ ঐতিহ্য পৰম্পৰা আৰু আধ্যাত্মিকতাৰে গুৰু জনাৰ জন্ম স্থান বটদ্ৰৱাত উখল মাখল পৰিৱেশ ৷ দৌল উৎসৱৰ আজি প্ৰথম দিনা অগণন ভকত বৈষ্ণৱৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল বটদ্ৰৱাত ৷ উল্লেখ্য যে, পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুস্থিত এই মহোৎসৱৰ প্ৰথম দিনটো গন্ধ উৎসৱ হিচাপে প্ৰচলিত হৈ আহিছে ৷ গন্ধ উৎসৱৰ নিশা সত্ৰৰ ভকত বৈষ্ণৱ সকলে নাম কীৰ্তন কৰি মহাপ্ৰভূক নামঘৰৰ মনিকুটৰ পৰা নমাই আনি অস্থায়ী গৃহলৈ নি শুদ্ধিকৰণ কৰিব ৷

অগণন ভক্তৰ সমাগমেৰে মুখৰিত বটদ্ৰৱা

ABOUT THE AUTHOR

...view details