বটদ্ৰৱা ,04 মেঃবিভিন্ন প্ৰজাতিৰ বগলীৰ কলকলনীৰে মুখৰিত হৈছে বটদ্ৰৱাৰ ধনীয়াভেটি গাঁও ৷ যি সময়ত একাংশ অসাধু লোকে বিলুপ্ত প্ৰায় বনৰীয়া দেশী বিদেশী চৰাই সমূহ বিভিন্ন কৌশলেৰে ধৰি বজাৰত অবাধে বিক্ৰী কৰি আহিছে সেই সময়ত বটদ্ৰৱাৰ ধনীয়াভোটিত গঞা ৰাইজে বিভিন্ন প্ৰজাতিৰ বগলীক সুৰক্ষা প্ৰদান কৰি পক্ষী প্ৰেমৰ এক সুন্দৰ নিৰ্দশন দাঙি ধৰিছে ।
বিভিন্ন প্ৰজাতিৰ বগলীৰ কলকলনীৰে মুখৰিত বটদ্ৰৱাৰ ধনীয়াভেটি গাঁও - বটদ্ৰৱা
দিনে নিশাই গাঁও খনত গলীৰ সুমধুৰ কোলাহল শুনিবলৈ পোৱা যায় ৷ বগলীৰ কোলাহল গাওঁবাসীৰ বাবে যেন এক সুমধুৰ গীতহে। মাংসলুভী চিকাৰীৰ পৰা বগলীৰ সুৰক্ষাৰ দাবী ৰাইজৰ ৷
গাঁওখনৰ প্ৰত্যেক ঘৰৰ বাহনী বাৰী সমূহ বিভিন্ন প্ৰজাতিৰ বগলীৰ বাবে এক সুৰক্ষিত বাসস্থান হৈ পৰিছে। দিনৰ ভাগত জাকে জাকে এই বগলীবোৰ উৰি গৈ গাঁওখনৰ খাল,বিল,পুখুৰী, জলাশয় বোৰত খাদ্য সংগ্ৰহ কৰা দৃশ্যই বাৰে বাৰে আকৰ্ষণ কৰে পক্ষী প্ৰেমী সকলক ৷ প্ৰত্যেক বছৰে বাৰিষা অহাৰ আগে আগে এই সমূহ পক্ষীয়ে আহি এই গাওঁ খনত বাঁহ সাজেহি বুলি গাওঁবাসীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি এই গাঁও খনত দিনে নিশাই এতিয়া বগলীৰ সুমধুৰ কোলাহল শুনিবলৈ পোৱা যায় । কিন্তু গাঁৱখনত বছৰ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰি বংশ বৃদ্ধি কৰা বগলীবোৰ একাংশ মাংস লুভী চিকাৰীৰ পৰা সুৰক্ষিত নহয় ৷ বগলী চিকাৰ কৰিবলৈ অহা এনে মাংস লুভী চিকাৰীবোৰক বাধা প্ৰদান কৰিবলৈ গৈ প্ৰায়েই গাঁৱখনৰ ৰাইজ সংঘাতত লিপ্ত হ'বলগীয়া হয় বুলি অভিযোগ কৰে গাঁৱ বাসীয়ে ৷ ইয়াৰোপৰিও তেওঁলোকে কয় যে ৰাইজে এই পক্ষীকূলৰ সুৰক্ষাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক দাবী জনাই আহিছে ৷ গাঁৱখনৰ ৰাইজে এই পক্ষী কূলৰ কোনো ধৰণৰ অনিষ্ট হ'বলৈ নিদিয়াকৈ একে লগে সহাৱস্থান কৰাৰ বিষয়তো প্ৰকৃতিপ্ৰেমী ৰাইজে প্ৰশংসা কৰিছে ৷