নগাঁও,23 জুলাই : এজনী কণমানিৰ মহানুভৱতা ৷ কণমানিজনীৰ মহানুভৱতাই দৃষ্টি কাঢ়িছে সকলোৰে ৷ নিজৰ জন্মদিন উদযাপনৰ বাবে সাঁচি ৰখা সামান্য ধনৰাশি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে বানাক্ৰান্তলৈ আগবঢ়ালে বটদ্ৰৱাৰ বৰহিছা গাঁৱৰ নিদৰ্শনা কলিতা নামৰ আঠ বছৰীয়া কণমানি গৰাকীয়ে৷ ৰাজ্যত প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধাৰণ কৰা দেখি হাহাকাৰ কৰি উঠা নিদৰ্শনাই অকণমানি মনটোৱে নিজৰ অষ্টম সংখ্যক জন্মদিন উদযাপন নকৰি বানাক্ৰান্তলৈ আগবঢ়ালে জন্মদিনৰ বাবে সাঁচি থোৱা ধনৰাশি ৷
কণমানি নিদৰ্শনাৰ মহানুভৱতাৰ নিদৰ্শন - Etv bharat assam
জন্মদিন উদযাপনৰ বাবে সাঁচি থোৱা ধন আগবঢ়ালে বানাক্ৰান্তলৈ ।

কণমানি নিদৰ্শনাৰ মহানুভৱতাৰ নিদৰ্শন
কণমানি নিদৰ্শনাৰ মহানুভৱতাৰ নিদৰ্শন
প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা বানাক্ৰান্ত অঞ্চলৰ ৰাইজলৈ শিশু নিদৰ্শনাই দেখুওৱা মহানুভৱতাই হৃদয় জিনিবলৈ সক্ষম হৈছে বটদ্ৰৱা গাওঁৰ ৰাইজৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ ৷ যাক লৈ উৎফুল্লিত হৈ পৰিছে নিদৰ্শনাৰ পিতৃ মাতৃ গুণমনি কলিতা আৰু কৰিস্মা কলিতা ৷ কণমাণি নিদৰ্শনাৰ এই নিদৰ্শনক একেমুখে শলাগ লৈছে সকলোৱে ৷
Last Updated : Jul 23, 2019, 1:41 PM IST