অসম

assam

By

Published : Aug 8, 2019, 10:57 PM IST

ETV Bharat / state

বটদ্ৰৱাত সুষমা স্বৰাজলৈ শ্ৰদ্ধাঞ্জলি

বটদ্ৰৱাৰ ৰাইদঙীয়াত সুষমা স্বৰাজৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়িকা আঙুৰলতা ডেকাৰ লগতে বিজেপি নেতা কৰ্মীয়ে জনালে শ্ৰদ্ধাঞ্জলি জনালে দলৰ মহান নেত্ৰী প্ৰয়াত সুষমা স্বৰাজক ৷

বটদ্ৰৱাত সুষমা স্বৰাজলৈ শ্ৰদ্ধাঞ্জলি

বটদ্ৰৱা, 8 আগষ্টঃ সুষমা স্বৰাজৰ অকাল বিয়োগত শোকস্তব্ধ বিজেপিৰ নেতা কৰ্মী ৷ ভাৰতৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা বিজেপিৰ মহান নেত্ৰী সুষমা স্বৰাজৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি বটদ্ৰৱাৰ ৰাইদঙীয়াৰ শংকৰ মাধৱ মন্দিৰ প্ৰাংগণত বৃহস্পতিবাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে বিজেপিৰ কৰ্মীসকলে ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়িকা আঙুৰলতাকে আদি কৰি বহুতো নেতাকৰ্মীয়ে ।

বটদ্ৰৱাত সুষমা স্বৰাজলৈ শ্ৰদ্ধাঞ্জলি

সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰি বিধায়িকা আঙুৰলতাই কয় যে দেশৰ প্ৰতিগৰাকী মহিলা আৰু প্ৰতিজন দলীয় কাৰ্যকতাৰ বাবে সুষমা স্বৰাজ আছিল প্ৰেৰণাৰ অমল উৎস। দয়া মমতাৰে হৃদয় পৰিপূৰ্ণ,সৎ আৰু সংবেদনশীল আৰু নিস্বাৰ্থ ৰাষ্ট্ৰভক্তিত সমৰ্পিত এই গৰাকী মহিয়সী নেত্ৰী দেশবাসীৰ বাবে চিৰস্মৰণীয় হৈ থাকিব বুলিও নিজৰ অনুভৱ ব্যক্ত কৰে আঙুৰলতাই ৷

বটদ্ৰৱাত সুষমা স্বৰাজলৈ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details