অসম

assam

ETV Bharat / state

বটদ্ৰৱাত গ্ৰাহকৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী অসম গ্ৰামীন বিকাশ বেংকৰ কৰ্মচাৰী

গ্ৰাহকৰ ধন আত্মসাৎ কৰা অভিযোগত বটদ্ৰৱাত ৰঙাঘৰৰ আলহী হ'ল অসম গ্ৰামীন বিকাশ বেংকৰ তিনিজনকৈ কৰ্মচাৰী । ধৃত কৰ্মচাৰী কেইজন বেংকটোৰ কোষাধ্যক্ষ গৌৰৱ কুঞ্জ , শাখা পৰিচালক পি কে মহন্ত আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাজু নাথ ।

By

Published : May 31, 2019, 6:57 AM IST

বটদ্ৰৱাত গ্ৰাহকৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী অসম গ্ৰামীন বিকাশ বেংকৰ কৰ্মচাৰী

বটদ্ৰৱাত গ্ৰাহকৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী অসম গ্ৰামীন বিকাশ বেংকৰ কৰ্মচাৰী

বটদ্ৰৱা, 31 মে' : নাচিৰউদ্দিন নামৰ গ্ৰাহকজনে বটদ্ৰৱা অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত জমা থোৱা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি বেংক কৰ্মচাৰী ৰাজু নাথ আৰু গৌৰৱ কুঞ্জ বিৰুদ্ধে বটদ্ৰৱা থানত ৰুজু কৰিছিল গোচৰ । উক্ত গোচৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে ৰাজু নাথ, গৌৰৱ কুঞ্জ আৰু পি কে মহন্তক আটক কৰি অব্যহত ৰাখিছে মাৰাথন জেৰা । অসম গ্ৰামীন বিকাশ বেংকৰ শাখা পৰিচালক পি কে মহন্তই পূৰ্বে ৰাজু নাথে গ্ৰাহকৰ ধন আত্মসাৎ কৰা অভিযোগ উচ্চতম কৰ্তৃপক্ষক জনোৱাৰ পিছতো ৰাজুৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বিস্ফোৰক মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details