অসম

assam

ETV Bharat / state

দিহা নাম, জিকিৰ-জাৰী পৰিবেশনেৰে বটদ্ৰৱাত আজমলৰ সভা - মহাজোঁট বন্ধনে

দিহা নাম, জিকিৰ জাৰি পৰিবেশনেৰে বটদ্ৰৱাত অনুস্থিত হ’ল আজমলৰ সভা । সভাত আজমলৰ জিন্দাবাদ ধ্বনি লগতে শ্ৰীমন্ত শংকৰদেৱৰো জিন্দাবাদ ধ্বনি । আজমলৰ দাবী, এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৩৫ খনহে আসন লাভ কৰিব বুলি কৰিলে দাবী।

দিহা নাম জিকিৰ জাৰীৰে বটদ্ৰৱাত আজমলৰ সভা
দিহা নাম জিকিৰ জাৰীৰে বটদ্ৰৱাত আজমলৰ সভা

By

Published : Feb 9, 2021, 8:36 AM IST

নগাঁও,9 ফেব্ৰুৱাৰীঃ সোমবাৰে নগাঁৱৰ বটদ্ৰৱাত নিৰ্বাচনী ৰণশিঙা বজালে এআইইউডিএফ প্ৰধান বদৰ উদ্দিন আজমলে । বটদ্ৰৱাৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে সমষ্টিটোত কংগ্ৰেছ এআইইউডিএফে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ ।

আজমলৰ উপস্থিতিত দিহা নাম আৰু জিকিৰ জাৰি পৰিবেশনেৰে সোমবাৰে অনুষ্ঠিত হ’ল এআইইউডিএফৰ বিশাল সভা । প্ৰথমবাৰৰ বাবে দিহানাম পৰিবেশনেৰে আৰম্ভ কৰা সভাত বিজেপিৰ বিৰুদ্ধে উদাত্ত ভাষণ প্ৰদান কৰিলে বদৰুদ্দিন আজমলে । সভাত দলীয় নেতা কৰ্মীয়ে বদৰুদ্দিন আজমলৰ লগতে শ্ৰীমন্ত শংকৰদেৱ ধ্বনি দিয়া পৰিলক্ষিত হয় ।

দিহা নাম, জিকিৰ-জাৰী পৰিবেশনেৰে বটদ্ৰৱাত আজমলৰ সভা

সভাত ভাগ লৈ এআইইউডিএফে কংগ্ৰেছৰ সৈতে হোৱা মহাজোঁট বন্ধনত এতিয়াও আসনৰ বুজাবুজি হোৱা নাই বুলি উল্লেখ কৰি বদৰুদ্দিন আজমলৰ দাবী আগন্তক নিৰ্বাচনত বিজেপিয়ে ৰাজ্যত মাত্ৰ ৩৫ খনহে আসন লাভ কৰিব । বটদ্ৰৱাৰ ধূপগুৰিত আয়োজিত এআইইউডিএফৰ এই গণ সমাবেশত অংশগ্ৰহণ কৰি বটদ্ৰৱা সমষ্টিটোৰ পৰা এআইইউডিএফৰ প্ৰাৰ্থী দিয়াৰ ইংগিতকেই দিলে বদৰুদ্দিন আজমলে। এনে পৰিপেক্ষিতত কংগ্ৰেছে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃ নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details