অসম

assam

ETV Bharat / state

অজিৎ ভূঞা আৰু বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি : উপমন্যু হাজৰিকা

অজিৎ ভূঞাই 'কা' বিৰোধী আন্দোলনত আগভাগ লৈছিল যদিও উদ্দেশ্য আছিল বেলেগ । আজমলৰ সহায় লৈ ৰাজ্য সভালৈ যাবলৈ ওলোৱাত ফাদিল হ'ল ভূঞা আজমলৰ গোপন বুজাবুজি । বুধবাৰে বটদ্ৰৱাত এনেদৰে মন্তব্য কৰে অধিবক্তা উপমন্যু হাজৰিকাই ।

উপমন্যু হাজৰিকা
অজিৎ ভূঞা আৰু বদৰুদ্দিন আজমল সন্দৰ্ভত উপমন্যু হাজৰিকাৰ মন্তব্য

By

Published : Mar 18, 2020, 8:36 PM IST

নগাঁও, 18 মাৰ্চঃ কৰ'ণা ভাইৰাছকো আওকাণ কৰি সাংবাদিক অজিৎ ভূঞা আৰু বদৰুদ্দিন আজমলে হাতে হাত ধৰি ৰাজহুৱা কৰিলে গোপন প্ৰেমৰ কথা ৷ বুধবাৰে বটদ্ৰৱাত এনেদৰে মন্তব্য কৰিলে অধিবক্তা উপমন্যু হাজৰিকাই ।

অজিৎ ভূঞা আৰু বদৰুদ্দিন আজমল সন্দৰ্ভত উপমন্যু হাজৰিকাৰ মন্তব্য

উল্লেখ্য যে, সমাগত ৰাজ্যসভা নিৰ্বাচনত তৃতীয়গৰাকী প্ৰাৰ্থী সাংবাদিক অজিৎ কুমাৰ ভূঞাই কংগ্ৰেছ আৰু এআইইউডিএফৰ সমৰ্থনত ৰাজ্য সভাৰ মনোনয়ন দাখিল কৰা সময়ত বদৰুদ্দিন আজমল লগত হাতে হাত ধৰি মনোনয়ন পত্ৰ দাখিল কৰে ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ সময়তো সাংবাদিক অজিৎ ভূঞা আৰু বদৰুদ্দিন আজমলে ৰাজহুৱা স্থানত হাতে হাত ধৰি স্বীকৃতি প্ৰদান কৰাতো দুইগৰাকীৰে গোপন প্ৰেমক ৰাজহুৱা কৰা বুলি বুধবাৰে বটদ্ৰৱাত মন্তব্য কৰে উপমন্যু হাজৰিকাই । অজিৎ ভূঞাই 'কা' বিৰোধী আন্দোলনত আগভাগ লৈছিল যদিও উদ্দেশ্য আছিল বেলেগ । আজমলৰ সহায় লৈ ৰাজ্য সভালৈ যাবলৈ ওলোৱাত ফাদিল হ'ল ভূঞা আজমলৰ গোপন বুজাবুজি । ইফালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভালৈ মনোনীত কৰাক লৈ যি সকলে প্ৰাক্তন ন্যায়াধীশ গৰাকীক সমালোচনা কৰে তেওঁলোককো উভতি ধৰে উপমন্যু হাজৰিকাই ৷

আৰু পঢ়কঃ এফালে কৰ'ণাকলৈ বিজেপিৰ অভিযান, আনফালে বিজেপি দলৰ কাণ্ডজ্ঞানহীন কৰ্ম

ABOUT THE AUTHOR

...view details