বটদ্ৰৱা,26জুলাইঃ ৰাজ্যত ক্ৰমাগত ভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ‘ণাত আক্ৰান্তৰ সংখ্যা ৷ গুৰুজনাৰ বহু স্মৃতি বিজড়িত বটদ্ৰৱাৰ ঐতিহাসিক কুঁজি সত্ৰত বাৰ জনকৈ লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ । তাকে লৈ আতংকিত হৈ পৰিছে সত্ৰবাসী ।
ঐতিহাসিক কুঁজি সত্ৰৰ 12 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ - গুৰুজনাৰ বহু স্মৃতি বিজৰিত
ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কৰ'ণাই সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতিৰ ৷ আতংকিত হৈ পৰিছে জনতা ৷ প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷
উল্লেখযোগ্য যে, ঐতিহাসিক কুঁজি সত্ৰৰ প্ৰশান্ত হাজৰিকা নামৰ এজন যুৱকৰ দেহত কেইদিনমান পূৰ্বে ধৰা পৰিছিল ক‘ভিড-১৯পজিটিভ। যুৱক জনৰ দেহত কভিড-19 ধৰা পৰাৰ পিছতেই মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে তৎপৰতাৰে যুৱক জনৰ সংস্পর্শলৈ অহা লোকৰ পৰা স্বাব সংগ্ৰহ কৰে । আনহাতে শনিবাৰে স্বাবৰ ফলাফলত ১২ জনকৈ লোকৰ দেহত ধৰা পৰে ক‘ভিড-১৯ পজিটিভ । ব্যক্তি কেইজনৰ দেহত কভিড-19 ধৰা পৰাৰ পাছৰে পৰা সত্র পৰিচালনা সমিতিয়ে তীৰ্থ যাত্রীৰ আগমনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন