চামগুৰি, 11 জুন : ৰাজ্যত অব্যাহত আছে অবৈধ নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰী তথা এনে ব্যৱসায়ৰ সৈতে জড়িত লোক সকলৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ৷ মূলতঃ ৰাজ্যৰ শাসনভাৰলৈ বৰ্তমানৰ চৰকাৰখন অহাৰ পিছৰে পৰাই অসম আৰক্ষীৰ ড্ৰাগছ, গাঞ্জা, চুলাই মদ আদি অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে ৷
বটদ্ৰৱা আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী
বটদ্ৰৱা আৰক্ষীৰ জালত পৰিল গাঞ্জা সৰবৰাহকাৰী । গোপন সূত্ৰৰ পমখেদি অভিযান চলাই দীৰ্ঘদিন ধৰি গাঞ্জাৰ বেহা চলাই থকা এজনক আটক কৰিলে আৰক্ষীয়ে ৷
ৰাজ্যৰ আন আন প্ৰান্তৰ আৰক্ষীৰ লগতে শেহতীয়াকৈ বটদ্ৰৱা আৰক্ষীৰ জালত পৰিল গাঞ্জা সৰবৰাহকাৰী । বটদ্ৰৱা আৰক্ষীয়ে শুকুৰবাৰে, ভোমোৰাগুৰি শান্তিজান পাৰ গাঁৱত গোপন সূত্ৰৰ পমখেদি অভিযান চলাই গাঞ্জা সহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, ধৃত ছাহজাহান আলী ওৰফে ছাজুৱে দীৰ্ঘদিন ধৰি শান্তিজান পাৰ গাঁও অঞ্চলত নিষিদ্ধ গাঞ্জাৰ বেহা চলাই আহিছিল । সম্প্ৰতি, আৰক্ষীৰ জিম্মাত ধৃত ছাহজাহান আলীৰ জেৰা চলি আছে ৷
লগতে পঢ়ক :উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ