অসম

assam

ETV Bharat / state

পৰম্পৰা অনুসৰি হাতীচোং দীঘলী বিলত গঞাই ধৰিলে মাছ - বটদ্ৰৱা

প্ৰায় দুশ বছৰ কাল ধৰি ৰঙালী বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোনাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগতভাৱে পালন কৰি আহিছে সমূহীয়া মাছ ধৰা উৎসৱ । সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি এইবেলিও বটদ্ৰৱাৰ হাতীচোং দীঘলী বিলত মাছ ধৰিলে গঞা ৰাইজে ।

পৰম্পৰা অনুসৰি বটদ্ৰৱাৰ হাতীচোং দীঘলী বিলত গঞাই ধৰিলে মাছ
batadraba-fishing

By

Published : Apr 14, 2021, 10:10 PM IST

নগাঁও,14 এপ্ৰিল: সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি বটদ্ৰৱাৰ হাতীচোং দীঘলী বিলত মাছ ধৰিলে গঞা ৰাইজে । হাতে হাতে জাকৈ, খালৈ, পল’, চেপা, জাল লৈ মাছ ধৰিবলৈ নমা অগণন লোকৰ উপস্থিতিৰে আজি মুখৰিত হৈ পৰিল বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত হাতীচোং দীঘলী বিল । প্ৰায় দুশ বছৰ ধৰি বহাগ বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোনাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ । অইনবাৰৰ দৰেই এইবেলিও গঞা ৰাইজে ব্যপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ । নিকটৱৰ্তী বিভিন্ন গাঁৱৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগনন গঞা ৰাইজৰ উপস্থিতিৰে ঐতিহ্যমণ্ডিত দীঘলী বিলৰ পাৰত এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হয় ।

পৰম্পৰা অনুসৰি বটদ্ৰৱাৰ হাতীচোং দীঘলী বিলত গঞাই ধৰিলে মাছ

জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সমবেত হোৱা ৰাইজে প্ৰতিবছৰে দীঘলী বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে । স্বতঃস্ফুৰ্ত ৰং-ধেমালিৰ মাজেৰে ঐক্য-সংহতিৰ চানেকি দাঙি ধৰি গাঁৱৰ পুৰুষ-মহিলা, ডেকা-গাভৰুৱে মাছ ধৰাৰ বাবে বিলত নামে ৷

উল্লেখযোগ্য় যে, পূৰ্বৰ তুলনাত মাছৰ সংখ্যা ভালেসংখ্যক হ্ৰাস পোৱাৰ কাৰণে এইবেলি অধিকাংশই মাছ পাবলৈ সক্ষম নহয় । কিন্তু ইয়াৰ বাবে কোনেও দুখ প্ৰকাশ নকৰি উৰুকাৰ বহু আকাংক্ষিত এই দিনটোত দীঘলী বিলত জীপাল কৰি তুলিলে পৰম্পৰাক ৷

লগতে পঢ়ক:আমগুৰিৰ বিহু বজাৰত ব্যাপক ভিৰ

ABOUT THE AUTHOR

...view details