নগাঁও, 27 আগষ্ট : অসমৰ ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা বৃহস্পতিবাৰে উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱাত থানত ৷ বটদ্ৰৱাত উপস্থিত হৈ সাংসদজনে পোন প্ৰথমে বটদ্ৰৱা থানত আশীষ গ্ৰহন কৰে ৷ তাৰ পিচতেই সাংবাদিকৰে মত বিনিময় কৰে ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে ৷ মন্ত্রী অতুল বৰা পুনৰ অগপৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ কংগ্রেছ-এ আই ইউ ডি এফৰ মিত্রতাই অগপক লাভান্বিত কৰিব বুলি অতুল বৰাই কৰা মন্তব্য সম্পৰ্কে সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত সাংসদজনে অগপক তীব্ৰভাষাৰে সমালোচনা কৰি কয় যে, যিটো দলে নিজৰ প্ৰাৰ্থীক টিকট দিয়াৰ ক্ষমতা নাই, যি দলে বিজেপিক নোসোধাকৈ একো সিদ্ধান্ত গ্ৰহন কৰিব নোৱাৰে, অসমৰ আঞ্চলিকতাবাদী জাতীয়তাবাদীক বিশ্বাসঘাতকতা কৰি বিজেপিৰ নেগুৰত ধৰি ৰাজনীতি কৰিব পাৰে সেই দলটোৰ এনে কথাক হাস্যকৰ বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই ।
আনহাতে, একাংশ ৰাজনৈতিক দলত যোগদান কৰা শিল্পীকো সাংসদ অজিত ভূঞাই সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷ লগতে, ৰাজ্যসভাৰ সাংসদগৰাকীয়ে অগপ বিজেপিৰ সমান্তৰালভাবে ৰাজনীতিত অংশগ্রহণ কৰা শিল্পী সকলকো আক্ৰমনৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গ'ল বটদ্ৰৱাত ৷