অসম

assam

ETV Bharat / state

Basketball tournament in Nagaon: নগাঁৱত বাস্কেটবল প্ৰতিযোগিতাৰ সফল সামৰণি - নগাঁৱত বাস্কেটবল প্ৰতিযোগিতাৰ সফল সামৰণি

শনিবাৰে সন্ধিয়া নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত CRPF ৰ ৩৪ বেটেলিয়নৰ আন্ত বেটেলিয়েন বাস্কেটবলৰ সফল সামৰণি পৰে । সামৰণি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা ।

Basketball tournament concludes successfully in Nagaon
নগাঁৱত বাস্কেটবল প্ৰতিযোগিতাৰ সফল সামৰণি

By

Published : Aug 6, 2023, 1:06 PM IST

নগাঁৱত বাস্কেটবল প্ৰতিযোগিতাৰ সফল সামৰণি

নগাঁও, ৬ আগষ্ট:দেশৰ জন গণৰ সুৰক্ষাৰ স্বাৰ্থত সদাব্যস্ত কেন্দ্ৰীয় সংৰক্ষিত বাহিনী (CRPF) জোৱানসকলক ক্ৰীড়াৰ মনোভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যৰে নগাঁৱত অনুষ্ঠিত কৰা হৈছিল বাস্কেটবল প্ৰতিযোগিতা । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃকৰ্পছ বাস্কেটবল প্ৰতিযোগিতা-২০২৩ৰ সফল সামৰণি পৰে শনিবাৰে ।

কেন্দ্ৰীয় সংৰক্ষিত (চি আৰ পি এফ) বাহিনীৰ ৩৪ নং বেটেলিয়নৰ বোকাজান খণ্ড, CRPF গোলাঘাট‌ৰ লগতে অসমৰ বেটেলিয়নৰ মাজত অনুষ্ঠিত হৈছিল উক্ত বাস্কেটবল প্ৰতিযোগিতাখনি । উক্ত খেলখনি উদ্বোধন কৰে শিৱশংকৰ উপাধ্যায়ে । সামৰণি অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মা, ৩৪ বেটেলিয়নৰ ছেকচনেল NSA ৰ বাস্কেটবলৰ সম্পাদক তথা কমাণ্ডেণ্ট দিগন্ত বৰা ।

ইয়াৰ উপৰিও বাস্কেটবল এছ’চিয়েশ্যনৰ প্ৰশিক্ষক অজয় ​​কুমাৰ আৰু ডেপুটি কমাণ্ডেণ্ট সত্যবীৰ, বিদেখো কে ইৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনমিকা সিং, সহকাৰী কামাণ্ডেণ্ট আৰু নগাঁৱৰ স্থানীয় ৰাইজ তথা চি আৰ পি এফ জোৱানসকলেও প্ৰতিযোগিতাখনি উপভোগ কৰে । শনিবাৰে অনুষ্ঠিত হোৱা ইন্টাৰ কৰ্পছ বাস্কেটবল টুৰ্ণামেণ্ট-২০২৩ত CRPF ৰ আটাইকেইটা বেটেলিয়নৰ পৰা মুঠ ১২ টা দলে অংশগ্ৰহণ কৰা বুলি জনিব পৰা গৈছে ।

উল্লেখ্য যে, কেন্দ্ৰীয় সংৰক্ষিত বাহিনীয়ে প্ৰতি বছৰে এই ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি আহিছে । যাতে বাহিনীটোৰ সকলো কৰ্মীৰ মাজত ক্ৰীড়া মনোভাৱৰ সজাগতা বৃদ্ধি পায় আৰু স্থানীয় জনসাধাৰণৰ মাজত আন্তৰিক সমন্বয় কেন্দ্ৰীয় সংৰক্ষিত বাহিনীয়ে অবিৰতভাৱে বজাই ৰাখিব পাৰে সেই উদ্দেশ্যেৰে এনে পদক্ষেপ গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে সেনা বিষয়াই ।

লগতে পঢ়ক:AAU New Innovation: খৰাঙতো উৎপাদনক্ষম ধানৰ জাত উদ্ভাৱন যোৰহাট কৃষি বিশ্ববিদ্যালয়ত

ABOUT THE AUTHOR

...view details