শিক্ষাৰ্থীৰ অভাৱত বন্ধ চৰকাৰী বিদ্যালয় - কঠিয়াতলী শিক্ষাখণ্ড
ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত পূব তেতেলিসৰা নাহৰ ৰাজখোৱা প্ৰাথমিক বিদ্যালয়খন পাঁচ মাহ ধৰি বন্ধ হৈ পৰে
শিক্ষাৰ্থীৰ অভাৱত বন্ধ চৰকাৰী বিদ্যালয়
বঢ়মপুৰ,৪জুন: ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই বন্ধ হ'বলগীয়া হ'ল এখন চৰকাৰী বিদ্যালয় । কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত পূব তেতেলিসৰা নাহৰ ৰাজখোৱা প্ৰাথমিক বিদ্যালয়খন বৰ্তমান গৰু-ছাগলীৰ বাসস্থান । ১৯৮২ চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খন বিগত পাঁচ মাহ ধৰি বন্ধ হৈ আছে । কাৰণ বিদ্যালয়খনত বৰ্তমান এজনো নাই ছাত্ৰ-ছাত্ৰী ৷ যাৰ বাবে বন্ধ হৈ পৰে বিদ্যালয়খন। স্থানীয় ৰাইজৰ মত অনুসৰি চৰকাৰে শিক্ষা খণ্ডত প্ৰযোজ্য কৰা ন-ন নিয়মৰ বাবেই চৰকাৰী বিদ্যালয়লৈ নোযোৱা হৈছে শিক্ষাৰ্থী ।