নগাঁও,31 মেঃনগাওঁ জিলাৰ ৰহা সমষ্টিৰ শিঙিমাৰীত নিৰ্মীয়মান এটা পথে জ্বলাকলা খুৱাইছে সকলোকে ৷ বিগত পাঁচ বছৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অন্তৰ্গত এই পথছোৱা ৷ ৰহা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী বৰপানী চাহ বাগানৰ পৰা পণ্ডিতঘাট সংযোগী আঢ়ৈ কিঃমি দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
কামপুৰৰ শিঙিমাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি - বৰপানী চাহ বাগান
পাঁচ বছৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই ৰহা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী বৰপানী চাহ বাগানৰ পৰা পণ্ডিতঘাট সংযোগী পথ ৷ ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
ৰাজ্যিক পথ সংমণ্ডলৰ অধীনত আৰু ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ণ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ জৰিয়তে 2014 চনতে নিৰ্মান কাৰ্য আৰম্ভ হৈছিল পথছোৱাৰ ৷ পথছোৱাৰ ঠিকাদাৰ আছিল ইনামূল হক চৌধুৰী ৷ 88 লাখ 84 হাজাৰ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া উক্ত পথটোত কণা হাঁহক পতান দিয়াৰ দৰে আধা ইঞ্চি আলকটৰা আৰু শিলৰ প্ৰলেপ দি নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত,নিৰ্মীয়মান অৱস্থাতে পথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ ৷ পথটোৰ এই শোচনীয় অৱস্থাই এতিয়া বাৰুকৈও জ্বলা-কলা খুৱাইছে ৰাইজক ৷