চামগুৰি,১৬ ফেব্ৰুৱাৰী: বঢ়মপুৰত পদুম ফুলাবলৈ উঠি পৰি লাগিছে প্ৰাক্তন ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই । নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ ননৈত সোমবাৰে অনুষ্ঠিত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সভাত অংশগ্ৰহণ কৰি ৰাজেন গোঁহাইয়ে পুনৰ অসন্তুষ্টি ব্যক্ত কৰিলে মিত্ৰ দলৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে । অভিযোগ মতে, বিগত পাঁচ বছৰত সমষ্টিটোৰ বিজেপি দলৰ কৰ্মকর্তাই বিধায়কগৰাকীৰ পৰা কোনো ধৰণৰ সা-সুবিধা গ্ৰহণ কৰিব নোৱাৰি কষ্টত দিন কটাবলগীয়া হৈছে ।
আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ কর্মীয়ে বঢ়মপুৰ সমষ্টিত নিজ দলৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰস্তুতি চলাব পাৰিব বুলি মন্তব্য কৰি সমষ্টিটোত বিজেপি প্ৰাৰ্থীয়ে টিকট লাভ কৰাৰ সম্ভাৱনা প্ৰকট কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ বঢ়মপুৰত দিনক দিনে বিজেপি দলৰ সাংগঠনিক ভেঁটি শক্তিশালী হৈছে বুলি কৈ বিজেপি দলৰ প্ৰাৰ্থীয়ে টিকট লাভ কৰিলে বিজয় নিশ্চিত বুলিও দাবী কৰে ।