বঢ়মপুৰ, 6 জানুৱাৰীঃনগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ কামপুৰত দীৰ্ঘদিন ধৰি অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বনবিভাগে হাতী খেদিবলৈ ব্যৰ্থ হোৱাত গাঁৱে গাঁৱে হস্তী পূজাৰ আয়োজন কৰিছে ৷ বিগত এমাহ ধৰি কামপুৰৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাৰ পাছতো বন বিভাগে ৰাইজক কোনো সুৰক্ষা প্ৰদান কৰিব পৰা নাই । ভয় আৰু আতংকত দিন অতিবাহিত কৰা বিষ্ণুপুৰী আৰু চামগাঁৱৰ ৰাইজে উপায়ন্তৰ হৈ পথাৰৰ মাজত মাংগলিক কাৰ্যসূচীৰ মাজেৰে বন্যহস্তীলৈ আগবঢ়াইছে ভোগ । জনাঞ্চলৰ পৰা বনাঞ্চললৈ বৃহৎ হাতীৰ জাকটো ঘূৰি যোৱাই ৰাইজৰ আশা । উল্লেখ্য যে, বিগত এমাহে চাংচকী, গাৰুখুন্দা, বিষ্ণুপুৰী আদিকে ধৰি বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই অহাৰ পাছতো হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ ।
বঢ়মপুৰৰ কামপুৰত গাঁৱে গাঁৱে হস্তী পূজা - বঢ়মপুৰ
বঢ়মপুৰৰ কামপুৰত গাঁৱে গাঁৱে হস্তী পূজাৰ আয়োজন ৷ চামগাওঁ বিষ্ণুপুৰীত হাতী খেদিবলৈ প্ৰাৰ্থনা ৷
বঢ়মপুৰৰ কামপুৰত গাঁৱে গাঁৱে এতিয়া হস্তী পূজা