চৰকাৰে নিদিয়ে, সেয়ে ৰাইজে নিজেই মেৰামতি কৰিলে পথ ! - বাৰেগোগাৰ
পৰিৱৰ্তনগামী চৰকাৰৰ দিনত ৰাইজেই কৰিব লগা হৈছে নিজৰ পৰিৱৰ্তন। ৰহা সমষ্টিৰ অন্তৰ্গত বাৰেগোগাৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক। পথটোৰ দুৰৱস্থা কথা অৱগত কৰাৰ পিচতো কোনো গুৰুত্ব প্ৰদান নকৰিলে পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়ক ডিম্বেশ্বৰ দাসে। অৱশেষত চৰকাৰলৈ বাট নাচায় দান-বৰঙণিৰে বোকাময় পথটো মেৰামতি কৰিবলৈ পুৱাই ওলাই আহিল ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ শতাধিক পুৰুষ মহিলা ।
ৰহা, 11 অক্টোবৰঃ ৰহা সমষ্টিৰ অন্তৰ্গত বাৰেগোগাৰ আঠ নং ৱাৰ্ডৰ এটা পথে জ্বলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক। ৰহা-কামপুৰ মূল পথটোৰ কাষেৰে বাৰেগোগা-নাৰিকলিলৈ যোৱা পথটোৱে দীৰ্ঘদিন ধৰি জীয়াটো ভোগাইছে অঞ্চলবাসীক। গাড়ী-মটৰ বাদেই , পথটোত এজাক বৰষুণতেই একাঁঠু বোকা হৈ পৰাত স্কুল-কলেজলৈ খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লগা ছাত্ৰ-ছাত্ৰী সকলে। পথটোৰ এনে দুৰৱস্থাৰ বিষয়ে স্থানীয় প্ৰতিনিধি আৰু সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসক বহু বাৰ অৱগত কৰাৰ পাচতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা অভিযোগ তোলে ৰাইজে ৷ অৱশেষত দান বৰঙনিৰে শিল-বালি আনি পথ মেৰামতি কৰাত নামি পৰিল কণ কণ ল'ৰা-ছোৱালীসহ 60 ৰ উৰ্ধ আইতাৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ। আনহাতে শীঘ্ৰে পথটোৰ যাতায়তৰ বাবে সুব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।