অসম

assam

ETV Bharat / state

বঢ়মপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক লুণ্ঠনৰাজ

বঢ়মপুৰত দৰিদ্ৰ লোকৰ বাবে চৰকাৰে প্ৰদান কৰা চৰকাৰী ঘৰৰ হিতাধিকাৰী তালিকাত এতিয়া একাংশ চৰকাৰী কৰ্মচাৰী আৰু উচ্চ শ্ৰেণী লোকৰ নাম ৷ যাৰ বাবে বাদ পৰি ৰৈছে দৰিদ্ৰ লোক সকল ৷

বঢ়মপুৰত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত অৰাজকতা; বাদ পৰিছে দৰিদ্ৰ লোক

By

Published : Jul 28, 2019, 1:24 PM IST

Updated : Jul 28, 2019, 1:35 PM IST

বঢ়মপুৰ,28জুলাইঃ : দৰিদ্ৰ লোকৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰধানমন্ত্ৰী আৱাস গৃহ এতিয়া লাভ কৰে চৰকাৰী বেতন ভোগী কৰ্মচাৰীয়ে ৷ এই ঘটনা সংঘটিত হৈছে কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী গাঁও পঞ্চায়তত ৷ শেহতীয়াকৈ পঞ্চায়তটোত ৫২ টা প্ৰধানমন্ত্ৰী আৱাস গৃহ আবন্টন হৈছে যদিও বহুকেইটা গৃহ লাভ কৰিছে চৰকাৰী কৰ্মচাৰী আৰু উচ্চ শ্ৰেণীৰ লোকে ৷ যাৰ বাবে বাদ পৰি ৰৈছে প্ৰকৃত দৰিদ্ৰ লোক সকল ৷ চৰকাৰী নিয়ম অনুসৰি পকী ঘৰ থকা লোক সকলে প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰাৰ পাছতো পঞ্চায়তটোৰ সচিৱৰ লগতে কৰ্মচাৰী সকলে জি'অ টেগ কৰাৰ নামতো লৈছে অনিয়মৰ আশ্ৰয় ৷

বঢ়মপুৰত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত অৰাজকতা; বাদ পৰিছে দৰিদ্ৰ লোক

তদুপৰি চৰকাৰী আৱাস গৃহ প্ৰদান কৰাৰ নামত জনপ্ৰতিনিধিয়ে ধন সংগ্ৰহ কৰাৰো অভিযোগ কৰিছে একাংশ বঞ্চিত হিতাধিকাৰীয়ে ৷

Last Updated : Jul 28, 2019, 1:35 PM IST

ABOUT THE AUTHOR

...view details