অসম

assam

ETV Bharat / state

ভতিজাকক যৌন নিৰ্যাতন; অভিযুক্তক চেন্দেলৰ মালা পিন্ধাই গাঁও ঘূৰালে ৰাইজে - বঢ়মপুৰৰ কঠিয়াতলী

নগাঁও জিলাৰ বঢ়মপুৰৰ কঠিয়াতলীত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড ৷ অভিযুক্তক চেন্দেলৰ মালা পিন্ধাই গাঁও ঘূৰালে ৰাইজে

কঠিয়াতলীত ভতিজাকক যৌন নিৰ্যাতন চলাই ৰাইজৰ ৰোষত পেহাক

By

Published : Sep 21, 2019, 5:00 PM IST

বঢ়মপুৰ, 21 ছেপ্তেম্বৰ: নগাঁও জিলাৰ বঢ়মপুৰৰ কঠিয়াতলীত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড ৷ নিজ ভতিজাকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত চেন্দেলৰ মালা পিন্ধি ৰাইজৰ,লপা-থপা খাব লগা হ'ল পেহাক বাবালা নায়কে ৷ ঘটনা অনুসৰি কঠিয়াতলী মুদৈ বস্তীৰ বাবলা নায়কৰ ঘৰলৈ কোনো বিশেষ কাৰণত ফুৰিবলৈ অহা 14 বছৰীয়া ভতিজাকক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বাবলা নায়কে ধৰ্ষণ কৰাৰ অভিযোগ উঠে ৷ ইয়াৰ পাচতে উত্তেজিত ৰাইজৰ ৰোষৰ বলি হ'ব লগা হয় অভিযুক্ত বাবলা নায়ক ৷ ৰাইজে অভিযুক্ত বাবলাক ৰাইজে আটক কৰি চেণ্ডেলৰ মালা পিন্ধাই,লপা -থপা দি কঠিয়াতলী আৰক্ষীক গতাই দিয়ে ৷

কঠিয়াতলীত ভতিজাকক যৌন নিৰ্যাতন চলাই ৰাইজৰ ৰোষত পেহাক

ABOUT THE AUTHOR

...view details