অসম

assam

By

Published : Sep 12, 2019, 1:52 PM IST

Updated : Sep 12, 2019, 1:57 PM IST

ETV Bharat / state

কদৰ্যময় পৰিবেশত কামপুৰ পৌৰসভা!

কদৰ্যময় পৰিবেশত কামপুৰ দৈনিক বজাৰৰ লগতে বিভিন্ন স্থান । দ'মে দ'মে জমা হৈ আছে পলিথিনৰ মোনা ৷

কদৰ্যময় পৰিবেশত কামপুৰ পৌৰসভা

নগাঁও, 12 চেপ্তেম্বৰঃপ্লাষ্টিকৰে ভৰা অতি কদৰ্যময় পৰিবেশত নগাঁও জিলাৰ কামপুৰ পৌৰসভাৰ বিভিন্ন এলেকা । নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ একমাত্ৰ নগৰ কামপুৰ পৌৰসভাৰ অন্তৰ্গত বিভিন্ন এলেকাক দ'মে দ'মে পৰি আছে পলিথিনৰ মোনা ৷ এই ক্ষেত্ৰত বিভিন্ন সময়ত কামপুৰ পৌৰসভাক অৱগত কৰি অহা হৈছে যদিও কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে কামপুৰ দৈনিক বজাৰৰ মাজমজিয়াত থকা মাছ মাংসৰ দোকান সমূহো এক অস্বাস্থ্যকৰ পৰিবেশত ৰাখি ব্যৱসায় কৰি থকা বুলি অভিযোগ তুলি একাংশ সচেতন ৰাইজে ক্ষোভ উজাৰিলে পৌৰসভাৰ বিৰুদ্ধে ৷

কদৰ্যময় পৰিবেশত কামপুৰ পৌৰসভা

আনহাতে কামপুৰ বজাৰৰ মাজমজিয়াৰ মূল পথটোৰ মাজত দিনে নিশাই থকা গৰু সমূহৰ বাবেও যান-বাহন আদি কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীলৈকে যাতায়তত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । আনকি এই গৰু সমূহৰ কাৰণে কেইদিনমান পূৰ্বে কামপুৰৰ এজন যুৱক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল যদিও এই ক্ষেত্ৰত পৌৰসভাই আজিকোপতি কোনো গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নগ'ল । শীঘ্ৰে ইয়াৰ এক সুব্যৱস্থা ল'বলৈ প্ৰতিজন গৰু গৃহস্থৰ লগতে কামপুৰ পৌৰসভাক আহ্বান জনায় স্থানীয় সচেতন লোকে ।

Last Updated : Sep 12, 2019, 1:57 PM IST

ABOUT THE AUTHOR

...view details