চামগুৰি,৩০ মে':ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বঢ়মপুৰৰ আদর্শ গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে । উপায়ুক্তৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বঢ়মপুৰৰ আদর্শ গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হয় ।
লক্ষ্যণীয়ভাৱে গাঁও খনত ১৮ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । যাৰ বাবে নগাঁও ৰাজহ চক্ৰ বিষয়া আৰু বঢ়মপুৰ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা কর্মীৰ উপস্থিতিত দেওবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ আগন্তুক পোন্ধৰ দিনৰ বাবে অঞ্চলটোক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । ইতিমধ্যে ক'ভিডত আক্ৰান্ত হৈ বৰুণ কলিতা নামৰ এজন লোকৰো মৃত্যু হৈছে ।