অসম

assam

ETV Bharat / state

বঢ়মপুৰত শনিবাৰে সম্পন্ন কৰ্মচাৰী পৰিষদৰ মুকলি অধিৱেশন - বঢ়মপুৰত শনিবাৰে সম্পন্ন কৰ্মচাৰী পৰিষদৰ মুকলি অধিৱেশন

কামপুৰ এছ কে ভি হাইস্কুলত শনিবাৰে অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৪ তম মুকলি অধিৱেশনত উপস্থিত থাকে সভাপতি বাসৱ কলিতা ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰে সদৌ অসম কৰ্মচাৰী পৰিষদে ৷

বঢ়মপুৰ
মুকলি অধিৱেশন

By

Published : Jan 26, 2020, 12:00 AM IST

বঢ়মপুৰ,25 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শনিবাৰে স্থিতি স্পষ্ট কৰে সদৌ অসম কৰ্মচাৰী পৰিষদে ৷ চৰকাৰৰ দমন নীতিৰ মাজতো আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব কৰ্মচাৰী পৰিষদে-এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাৰ ৷ কামপুৰ এছ কে ভি হাইস্কুলত শনিবাৰে অনুষ্ঠিত ৩৪ তম মুকলি অধিৱেশনত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে কলিতাই ৷

কৰ্মচাৰী পৰিষদৰ মুকলি অধিৱেশন

আনহাতে কৰ্মচাৰী পৰিষদৰ নৱ নিৰ্বাচিত সম্পাদক মৃণাল দাসে গণতান্ত্ৰিক অধিকাৰ সকলোৰে আছে বুলি মন্তব্য কৰি অনাগত দিনত চৰকাৰৰ কাম-কাজত বাধা নোহোৱাকৈ প্ৰতিবাদ চলাই যাব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে,মুকলি অধিৱেশনখনত যুটীয়া সম্পাদক শ্যামন্ত দাসকে ধৰি নগাঁও জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে চাওকঃশনিবাৰে ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মিয়ে আহ্বান কৰা বন্ধত স্তব্ধ হৈ পৰে ডিমা হাছাও জিলাৰ জনজীৱন

ABOUT THE AUTHOR

...view details