অসম

assam

ETV Bharat / state

অৱহেলিত শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰতিষ্ঠাপক হলধৰ ভূঞা!

কামপুৰ তেতেলিসৰাত বৰ্তমান অৱহেলিত হৈ পৰিছে শংকৰদেৱ সংঘ প্ৰতিষ্ঠাপক হলধৰ ভূঞাৰ আৱক্ষ মূৰ্ত্তি ৷ এফালে কোটি টকা ব্যয়ৰে জাকজমকতাপূৰ্ণ শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশন অনুষ্ঠিত কৰা সময়তে প্ৰতিষ্ঠাপক গৰাকীৰ আৱক্ষ মূৰ্ত্তি অৱহেলিত হৈ থকাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে ৷

By

Published : Jan 31, 2020, 2:11 PM IST

হলধৰ ভূঞা
অৱহেলিত শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰতিষ্ঠাপক হলধৰ ভূঞা!

বঢ়মপুৰ, 31 জানুৱাৰীঃ জহি খহি গৈছে শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰ মিচন প্ৰতিষ্ঠাপক হলধৰ ভূঞাৰ আৱক্ষ মূৰ্ত্তি ৷ জন্মভূমিতে অৱহেলিত লোকসেৱক হলধৰ ভূঞা ৷ এফালে কোটি টকা ব্যয়ৰে জাকজমকতাপূৰ্ণ শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশন আনফালে জন্মভূমিতে অৱহেলিত প্ৰতিষ্ঠাপকজন ৷

অৱহেলিত শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰতিষ্ঠাপক হলধৰ ভূঞা!

উল্লেখ্য যে, কামপুৰ তেতেলিসৰাত 2010 চনত হলধৰ ভূঞাৰ ১১৮ তম জন্মজয়ন্তী উপলক্ষে নিৰ্মাণ কৰা হয় আৱক্ষ মূৰ্ত্তি ৷ তাৰোপৰি নগাঁৱৰ কঠিয়াতলীত তোৰণ নিৰ্মানৰ প্ৰস্তাৱ লয় তেতিয়াৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে ৷ কিন্তু বৰ্তমান পৰ্যন্ত তোৰণ নিৰ্মাণকাৰ্য আৰম্ভ নকৰিলে উক্ত স্থানত৷ আনকি বৰ্তমান জহি খহি যোৱা মূৰ্ত্তিটো মেৰামতি কৰিবলৈ আহোৰী নাই চৰকাৰৰ ৷ যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালবৰ্গই ৷ আনহাতে, শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰ মিচনে লোকসেৱক জনৰ আৱক্ষ মূৰ্ত্তিটোৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ তোলো স্থানীয় ৰাইজে ৷

আৰু পঢ়কঃ সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি শান্তি আলোচনালৈ আহক আলফাঃ সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details