অসম

assam

ETV Bharat / state

হাতী খেদিব নোৱাৰি ৰাইজৰ ৰোষত বন বিষয়া

কামপুৰৰ চাংচকীত হাতী খেদি পঠিযাৱ নোৱাৰাৰ বাবে ৰাইজে আৱদ্ধ কৰিলে বনবিভাগৰ তিনিখনকৈ বাহনৰ লগতে বন বিষয়াক । বন্যহস্তীয়ে ভাঙি চূৰ-মাৰ কৰে বহু ভৰালৰ লগতে বাসগৃহ ।

BARHAMPUR_ELEPHANT TERROR
কামপুৰত ৰাইজৰ ৰোষত পৰিল বন বিষয়া

By

Published : Jan 8, 2020, 12:11 PM IST

বঢ়মপুৰ,8 জানুৱাৰী :নগাঁৱৰ কামপুৰ চাংচকীত উত্তপ্ত পৰিস্থিতি ৷ হাতী খেদিব নোৱাৰি ৰাইজৰ ৰোষত পৰিল বনবিভাগৰ লোক ৷ ক্ষোভিত ৰাইজে বনবিভাগৰ তিনিখনকৈ বাহন পথত আবদ্ধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অঞ্চলবাসীয়ে আৱদ্ধ কৰে কামপুৰৰ ৰেঞ্জাৰ আৰু নগাঁৱৰ বন বিষয়াকো ৷ হাতী খেদিব নোৱাৰি কাৰ্যালয়লৈ গৈ থকাৰ পথতেই সংঘটিত হয় এই ঘটনা ৷ অঞ্চলবাসীক হাতযোৰ কৰি বাট এৰি দিবলৈ অনুৰোধ কৰে বনকৰ্মী সকলে ৷

কামপুৰত ৰাইজৰ ৰোষত পৰিল বন বিষয়া

উল্লেখ্য যে, বিগত এমাহ ধৰি কামপুৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ এটা জাকে ত্ৰাসৰ সৃষ্টি কৰি আহিছে । বন্যহস্তীয়ে অঞ্চলবাসীৰ ভৰালৰ ধান অনিষ্ট কৰাৰ লগতে বহু বাসগৃহও ভাঙি লণ্ড-ভণ্ড কৰে । অঞ্চলবাসীয়ে এই সন্দৰ্ভত বন বিভাগক বহুবাৰ অৱগত কৰি আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ । প্ৰতিবাৰে বন্যহস্তীক খেদি পঠিওৱাত ব্যৰ্থ হয় বন বিভাগ ৷ যাৰ বাবে অঞ্চলবাসী ক্ষোভিত হৈ বনকৰ্মীৰ দলটোক আৱদ্ধ কৰি ৰাখে ।

কামপুৰত ৰাইজৰ ৰোষত পৰিল বন বিষয়া

অন্য এক খবৰৰ বাবে: ভাৰতীয় লোকক সামৰিকভাৱে ইৰাক ভ্ৰমণ বাতিল কৰাৰ নিৰ্দেশ

ইফালে, উত্তেজিত ৰাইজে বন বিভাগক আবদ্ধ কৰি ৰখাত উপায়ন্তৰ হৈ বন বিভাগৰ লোকে হাতী খেদিবলৈ বাধ্য হয় । হাতীৰ জাকটোৱে বৰচুং গাঁৱতো দুটাকৈ ভৰাল ভাঙি ধান খোৱাৰ লগতে তিনিটা বাসগৃহ ভাঙি চুৰমাৰ কৰিছিল ৷ ঘৰৰ ভিতৰত থকা সকলো সামগ্ৰী অনিষ্ঠ কৰাৰ লগতে গছ-গছনিও ভাঙি চুৰ-মাৰ কৰে বন্যহস্তীৰ জাকটোৱে ।

ABOUT THE AUTHOR

...view details