বঢ়মপুৰ, 3 জানুৱাৰী : নগাঁঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ অঞ্চলত দিনে-নিশাই বন্যহস্তীৰ মুক্ত বিচৰণ । কামপুৰত ৰাইজৰ নিদ্ৰা হৰিছে বন্যহস্তীৰ জাকে ৷ বিগত এটা মাহে বন্যহস্তীৰ দলটোৱে সন্ত্ৰাস চলাইছে কামপুৰ অঞ্চলত । বন বিভাগৰ অৱহেলাৰ বাবেই কামপুৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । বৃহস্পতিবাৰে নিশা বন্যহস্তীৰ জাকে কামপুৰৰ কঢ়াৰগাঁও, পটিয়াপামত চাৰিটাকৈ বাসগৃহ ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে ৷
বঢ়মপুৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস
বঢ়মপুৰৰ কামপুৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস । বিগত এটা মাহে বন্যহস্তীৰ দলটোৱে সন্ত্ৰাস চলাইছে অঞ্চলটোত ৷ বৃহস্পতিবাৰে নিশা কামপুৰৰ বিভিন্ন অঞ্চলত চাৰিটাকৈ বাসগৃহ ভাঙি চুৰ মাৰ কৰে বন্যহস্তীৰ জাকে ৷
বঢ়মপুৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস
কামপুৰৰ চাংজুৰাই আৰু চাংচকী অঞ্চলত বহু বিঘা সৰিয়হ খেতি অনিষ্ট কৰাৰ লগতে ঘৰত থকা ধান খাই তহিলং কৰে বন্যহস্তীৰ জাকটোৱে লগতে কঢ়াৰগাঁৱৰ ভূপেন বে, অৰূপ শইকীয়া, দিলিপ শতনামী আৰু প্ৰতাপ শতনামী নামৰ লোকৰ বাসগৃহৰ ক্ষতি সাধন কৰে ৷ বনৰীয়া হাতীৰ জাকটো খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ ৷
আৰু পঢ়ক :নগাঁৱত অগপৰ প্ৰতিবাদী সমদল : নেতৃত্বত প্ৰফুল্ল কুমাৰ মহন্ত !