বঢ়মপুৰ, 2 জানুৱাৰী :নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ কামপুৰত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বিগত এটা মাহে বন্যহস্তীৰ দলটোৱে সন্ত্ৰাস চলাইছে কামপুৰ অঞ্চলত ৷ নিশা শতাধিক বন্যহস্তীয়ে অৱস্থান কৰিছে কামপুৰৰ চাংজুৰা,কাৱৈমাৰী আৰু চাংচকী অঞ্চলত। বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকটোৱে বহু বিঘা সৰিয়হৰ খেতি নষ্ট কৰিছে। ইফালে বন্যহস্তীৰ জাকটোৱে চাংজুৰাইৰ গাঁৱৰ ভৱেন বৰদলৈৰ নামৰ লোকজনৰ বাসগৃহত বুধবাৰে নিশা ক্ষতি সাধন কৰে। দিনে নিশাই কামপুৰৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী সকলে অশেষ চেষ্টা কৰিছে যদিও অঞ্চলটোৰ পৰা হাতীৰ জাকটো খেদিবলৈ বৰ্তমানলৈ সক্ষম হোৱা নাই ৷
বঢ়মপুৰৰ কামপুৰত বন্যহস্তীৰ তাণ্ডৱ
নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰত বন্যহস্তীৰ তাণ্ডৱ। বিগত এটা মাহে বন্যহস্তীৰ দলটোৱে কামপুৰ অঞ্চলত চলাইছে সন্ত্ৰাস ৷ ইফালে বন্যহস্তীৰ জাকটোৱে চাংজুৰাইৰ গাঁৱৰ ভৱেন বৰদলৈৰ নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে ৷
বঢ়মপুৰৰ কামপুৰত বন্যহস্তীৰ তাণ্ডৱ