অসম

assam

By

Published : Jan 25, 2020, 11:30 PM IST

ETV Bharat / state

কচুৱাত ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

শনিবাৰে নগাঁৱৰ কচুৱাত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক, বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰহা সমষ্টিৰ যুৱ কংগ্ৰেছৰ একাংশ সদস্যই ৷

মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

কচুৱা, 25 জানুৱাৰীঃনগাঁৱৰ কচুৱাত ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক বিনা চৰ্তে মুক্তিৰ দাবীত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ CAA ৰ বিৰোধিতা কৰাৰ বাবে কামৰুল ইছলামক চৰকাৰে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ মুখ্যমন্ত্ৰী হায় হায়, বিজেপি গ'বেক, হিমন্ত বিশ্ব গ'বেক আদি চৰকাৰ বিৰুধী শ্ল'গানেৰে কচুৱা অঞ্চল উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

...view details