গাঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং
বৰপানী নদীৰ ওপৰত প্ৰায় ডেৰ লাখ টকা ব্যয় সাপেক্ষে ১০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং নিৰ্মাণ কৰি উদ্বোধন কৰিলে ৰাইজে ৷ দীৰ্ঘদিনৰ পৰা টুলুঙা নাৱৰে পাৰ হোৱা অঞ্চলটোৰ ৰাইজে সংশ্লিষ্ট বিভাগৰ বিষয়া ,কৰ্মচাৰী তথা সমষ্টিৰ বিধায়কক অনুনয়-বিনুনয় কৰিও নাপালে কোনো সুফল ৷
বঢ়মপুৰ,26আগষ্টঃ এইবাৰ মন্ত্ৰী বিধায়কে নহয়, ৰাইজে নিজে নিৰ্মান কৰি নিজে উদ্বোধন কৰিলে এখন বাঁহৰ দলং ৷ চৰকাৰৰ ওপৰত ক্ষোভিত বঢ়মপুৰৰ চিউগুৰিৰ ৰাইজে বৰপানী নদীৰ ওপৰত প্ৰায় ডেৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়ালে এখন ১০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং ৷ দীৰ্ঘদিনৰ পৰা এখন দলঙৰ অভাৱত বৰপানী নদীয়েদি এখন টুলুঙা নাৱৰে পাৰ হব লগা হৈছিল ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ লোকসকল ৷ বহুবাৰ সংশ্লিষ্ট বিভাগৰ বিষয়া ,কৰ্মচাৰী তথা সমষ্টিৰ বিধায়কক এখন দলং নিৰ্মানৰ বাবে অনুনয়-বিনুনয় কৰিও সুফল নোপোৱাত পৰিবৰ্তনকামী চৰকাৰলৈ বাট নাচাই নিজে গাঠিৰ ধন ভাঙি দলংখন নিৰ্মান কৰি ওলিয়ালে অঞ্চলটোৰ ৰাইজে ৷