অসম

assam

ETV Bharat / state

কাৰ পকেটলৈ যায় কপিলীৰ অবৈধ বালি মহলৰ কমিচনৰ ধন ? - সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদ

"মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেনেকৈ কমিচন পাই তেনেকৈ কপিলীনদীৰ অবৈধ বালি মহলৰ কমিচন বনমন্ত্ৰী গৰাকীয়ে লাভ কৰে ।" এই মন্তব্য সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ । মধ্য অসমৰ কপিলী নৈত চলি থকা অবৈধ বালি ব্যৱসায়ৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে সভাপতি ৰুবুল দাসে ।

অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস

By

Published : Oct 6, 2019, 7:01 PM IST

নগাঁও, 6 অক্টোবৰঃনগাঁৱৰ বঢ়মপুৰৰ কামপুৰত গঢ়ি উঠা বালি চিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ দিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে । পৰিষদৰ সভাপতি ৰুবুল দাসে বালি মাফিয়াৰ বিৰুদ্ধে বন বিভাগে ব্যৱস্থা ল'ব নোৱাৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে । উল্লেখ্য যে, কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বিভিন্ন এলেকাত বালি মাফিয়াই তাণ্ডৱ চলাই আহিছে । বিশেষকৈ কামপুৰৰ বৰপানী আৰু কপিলী নৈত মেচিনেৰে কৰা বালিখননৰ ফলত দুয়োখন নৈৰ প্ৰাকৃতিক ভাৰসাম্যলৈ গভীৰ সংকত নামি আহিছে । কপিলী নৈত কাকতিগাঁও, মাগুৰগাঁও, বকুলগুৰিত পঞ্চাশৰো অধিক মেচিনেৰে বালি সংগ্ৰহ কৰি থকাৰ পিছটো বনবিভাগে কোনো পদক্ষেপ নোলোৱা বুলি মন্তব্য কৰে যুৱ নেতা ৰুবুল দাসে ৷ ইপিনে এইক্ষেত্ৰত বালি মাফিয়াৰে কামপুৰৰ বন বিষয়া বিনোদ বিহাৰী সিঙৰ গোপন সম্পৰ্ক থকা বুলিও অভিযোগ উত্থাপন কৰে ৰুবুল দাসে ।

বালি চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদ

ইফালে, একেখন চালানতে কেইবাবাৰো বালি নিয়া আৰু বনবিভাগৰ নিয়ম উলংঘা কৰি বালি ট্ৰাকবোৰত অধিক পৰিমানে বালি কঢ়িয়াই নিয়া বুলি অভিযোগ কৰে ৰুবুল দাসে । বনবিভাগত চলি থকা বালি চিণ্ডিকেটত কামপুৰ বনবিভাগৰ বিষয়াগৰাকীৰ পৰা বনমন্ত্ৰীলৈকে জড়িত থকাৰ অভিযোগ কৰে ৰুবুল দাসে ।

ABOUT THE AUTHOR

...view details