অসম

assam

লক ডাউনৰ সময়ঃ মাছৰুমৰ খেতি কৰি সময় কটাইছে বহুতেই

By

Published : Apr 20, 2020, 2:26 PM IST

Updated : Apr 22, 2020, 10:19 AM IST

ব্যতিক্ৰমী পদক্ষেপেৰে আৰ্দশৰ কাৰণ হৈ পৰিছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে কামপুৰৰ শিক্ষক বাবুল বৰা ৷

barahampur mashroom kampur teacher babul bora
লক ডাউনৰ সময়ঃ মাছৰুমৰ খেতি কৰি সময় কটাইছে বহুতেই

কামপুৰ 20 এপ্ৰিলঃ সমগ্ৰ দেশত লক ডাউন ঘোষণা কৰাৰ পিছতেই গৃহবন্দী হৈ পৰিল জনতা ৷ এই সময়ছোৱাত ভিন্ন জনে ভিন্ন ধৰণেৰে অতিবাহিত কৰিছে সময়বোৰ। কোনোবাই যদি টিভি চাই সময় অতিবাহিত কৰিছে,আন কোনোবাই আকৌ পঢ়ি সময় কটাইছে ।

লক ডাউনৰ সময়ঃ মাছৰুমৰ খেতি কৰি সময় কটাইছে বহুতেই

এই ক্ষেত্ৰত ব্যতিক্ৰম কামপুৰৰ এজন শিক্ষক কামপুৰৰ পূৱগৰুবাট হৰিটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃ শিক্ষক বাবুল বৰাই লক ডাউনৰ সময়ছোৱাত পৰিচয় দিছে কৰ্মস্পৃহাৰ । ছাত্ৰ ছাত্ৰীৰ মাজত নিজকে বিলীন কৰি দিয়া শিক্ষকজনে লক ডাউনৰ বাবে গৃহবন্দী হৈ পৰাত যথেষ্ট মানসিক অশান্তি ভুগিছিল ৷ তেওঁক প্ৰয়োজন হৈছিল সময় অতিবাহিত কৰাৰ অন্য উপায়। বন্ধৰ দিনকেইটা পাৰ কৰিবলৈ শিক্ষক বৰাই বাচি ললে মাছৰুমৰ খেতিৰ বীজ সংগ্ৰহ কৰি নিজ গৃহতেই কৰিছে মাছৰুম খেতি ।

লক ডাউনৰ সময়ঃ মাছৰুমৰ খেতি কৰি সময় কটাইছে বহুতেই

উল্লেখযোগ্য যে,সংকটৰ এই সময়ছোৱাত সামাজিক ব্যৱধান ৰক্ষা কৰি শিক্ষকজনে বিভিন্নজনক বিনামূলীয়াকৈ মাছৰুমো প্ৰদান কৰিছে । তেওঁৰ আশা,নিবনুৱা যুৱক যুৱতীসকলে মাছৰুম খেতিৰ জৰিয়তে স্বাৱলম্বিতা লাভ কৰিব পাৰিব ।

লগতে পঢকঃ কৃষি আৰু পশুধন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদমেল কৃষিমন্ত্ৰী অতুল বৰাৰ

Last Updated : Apr 22, 2020, 10:19 AM IST

ABOUT THE AUTHOR

...view details