অসম

assam

ETV Bharat / state

মাইক্ৰ ফাইন্সেঞ্চৰ কৰ্মচাৰীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি কঠিয়াতলীত প্ৰতিবাদ

কৃষ্ণ বৈশ্যই 10 ফেব্ৰুৱাৰীত ঋণৰ ধন তুলিবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে আৰু 12 ফেব্ৰুৱাৰীত কন্দলী ফায়েৰিং ফিল্ডৰ কাষৰ জংঘলত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ হয় ৷

By

Published : Feb 20, 2021, 5:28 PM IST

BANK KARMACHARI MURDER CASE
মাইক্ৰ ফাইন্সেঞ্চৰ কৰ্মচাৰীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি কঠিয়াতলীত প্ৰতিবাদ

নগাঁও, 20 ফেব্ৰুৱাৰী : নগাঁও জিলাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কঠিয়াতলী শাখাত কৰ্মৰত হাজোৰ কৃষ্ণ বৈশ্য নামৰ কৰ্মচাৰীজনৰ নৃশংস হত্যাকাণ্ডৰ ন্যায় বিচাৰি শনিবাৰে নগাঁৱৰ কঠিয়াতলীত স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী তুলি ৰাজপথ ঘেৰাও কৰে স্থানীয় ৰাইজে ৷ আৰক্ষীয়ে 10 দিন উকলি যোৱাৰ পাছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অসম আৰক্ষীৰ চৰম ব্যৰ্থতা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷

মাইক্ৰ ফাইন্সেঞ্চৰ কৰ্মচাৰীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি কঠিয়াতলীত প্ৰতিবাদ

উল্লেখ্য যে, কৃষ্ণ বৈশ্যই 10 ফেব্ৰুৱাৰীত ঋণৰ ধন তুলিবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে আৰু 12 ফেব্ৰুৱাৰীত কন্দলী ফায়েৰিং ফিল্ডৰ কাষৰ জংঘলত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷ ধনৰ লালসাত কোনো দূৰ্বৃত্তই কৃষ্ণ দাসক হাত ভৰি বান্ধি ডিঙি কাটি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ স্থানীয় ৰাইজে নিহত যুৱকজনৰ পৰিয়ালক 50 লাখ টকা ক্ষতিপূৰণ দিবলৈও ৰাজ্য চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক :আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details