অসম

assam

ETV Bharat / state

আহিন নহয় আহাৰতেই পালন কৰা হ’ল দুৰ্গা পূজা - celebration of Durga Puja

নগাঁৱৰ লুংচুং চাহ বাগিছাৱাসীয়ে পালন কৰিলে ঐতিহাসিক বন দুৰ্গা পূজা। আহাৰ মাহত উলহ মালহেৰে উদযাপন কৰা হয় এই পূজা ৷

আহাৰতেই পালন কৰা হ’ল দূৰ্গাপূজা
আহাৰতেই পালন কৰা হ’ল দূৰ্গাপূজা

By

Published : Jul 7, 2021, 9:56 PM IST

চামগুৰি, 7 জুলাই :দুৰ্গা পূজা বুলি ক’লে আমাৰ মনলৈ আহে শৰতৰ কথা ৷ শেৱালীৰ সুবাসত শাৰদী ৰাণীক আদৰি আনে শৰতে ৷ কিন্তু নগাঁৱৰ লুংচুং চাহ বাগিছাত দেখিবলৈ পোৱা গ’ল ব্যতিক্ৰমী পৰিৱেশ ৷ লুংচুং চাহ বাগিছাৱাসীয়ে পালন কৰিলে ঐতিহাসিক বন দুৰ্গা পূজা ।

অসম বুৰঞ্জীত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা হৰ্ষধ্বজ ৰজাৰ ৰাজধানীৰ পৰিসীমাৰ বৰ্তমানৰ লুংচুং চাহ বাগানৰ কাষতে থকা সেউজবুলীয়া পাহাৰতেই আছে দৃষ্টি নন্দন হটহটী জলপ্ৰপাত ৷ এই হটহটী জলপ্ৰপাতৰ পাৰতে অৱস্থিত এটি পুৰণিকলীয়া বন দুৰ্গা মন্দিৰ ৷ এই মন্দিৰতে বিগত বৰ্ষ সমূহৰ দৰে বুধবাৰেও দিনযোৰা মাংগলিক কাৰ্যসূচীৰে পালন কৰা হয় বন দুৰ্গা পূজা ৷

আহাৰতেই পালন কৰা হ’ল দূৰ্গাপূজা

লুংচুং চাহ বাগিচাৰ ভক্ত প্ৰাণ ৰাইজে বন দুৰ্গা প্ৰতিমাৰ সন্মুখত ধূপ-দীপ নৈবেদ্যৰে পূজা অৰ্চনা কৰি মনৰ অভিষ্ট সিদ্ধিৰ কামনাৰে সেৱা আগবঢ়াই ৷ এই পূজা ভাগ প্ৰত্যেক বছৰে আহাৰ মাহত উলহ মালহেৰে উদযাপন কৰা হয় ৷ বৰ্তমানৰ ক‘ৰণা পৰিস্থিতিৰ বাবে ৰাইজৰ সমাগম যথেষ্ট সেৰেঙা হৈছে বুলি মন্দিৰৰ পুৰোহিত গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:সোণালী আখৰেৰে লিখা গুৰু গ্ৰন্থ চাহিব

ABOUT THE AUTHOR

...view details