নগাঁও, 4 ছেপ্টেম্বৰ :এটা চাঞ্চল্যকৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ক্লু বিচাৰি নগাঁৱত উপস্থিত বাক্সা আৰক্ষীৰ এটা দল । দুই অভিযুক্ত লগত লৈ নগাঁৱত অপহৰণ আৰু হত্যাকাণ্ডৰ অনুসন্ধান চলালে বাক্সা আৰক্ষীয়ে ৷ যোৱা ১৯ ছেপ্টেম্বৰত এখন গাড়ী বিক্ৰী কৰিবলৈ গৈ মেৰাপানী আৰক্ষীৰ জালত পৰিছিল হত্যাকাণ্ডত জড়িত এই দুই অভিযুক্ত ।
এজন গুৱাহাটীৰ গড়চুকৰ প্ৰদীপ বৰ্মন আনজন কাৰ্বি আংলং শান্তিপুৰৰ বিকাশ তাঁতী । উল্লেখ্য যে, যোৱা ২১ চেপ্টেম্বৰত নগাঁৱৰ বৰঘাটৰ সমীপৰ বাইপাছত উদ্ধাৰ হৈছিল এটা মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো আছিল বাক্সা জিলাৰ শালনাবাৰীৰ মকবুল হুছেইনৰ ।
শালনাবাৰীৰ পৰাই প্ৰথমে অপহৰণ হৈছিল মকবুল হুছেইন । এখন ALTO বাহনসহ মকবুল হুছেইন অপহৰণ হোৱা সন্দৰ্ভত বাক্সাৰ শালবাৰী আৰক্ষী থানাত ৰুজু হৈছিল এক অপহৰণৰ গোচৰ । যি গোচৰৰ তদন্ত চলি থকাৰ মাজতেই নগাঁৱৰ বৰঘাটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এই স্থানত উদ্ধাৰ হৈছিল মকবুলৰ মৃতদেহ ।
লগতে পঢ়ক:RSS সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি আইনৰ মেৰপাকত জাভেদ আখতাৰ