অসম

assam

ETV Bharat / state

বঢ়মপুৰত ভয়াবহ অগ্নিকাণ্ড - বঢ়মপুৰত ভয়াবহ অগ্নিকাণ্ড

বঢ়মপুৰৰ কামপুৰ গুইমাৰীত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত এটা বাসগৃহ ভস্মিভুত ।

Bahampur Kampur Fire Incedent
বঢ়মপুৰত ভয়াবহ অগ্নিকাণ্ড

By

Published : Jan 23, 2020, 7:33 PM IST

বঢ়মপুৰ,23 জানুৱাৰী: নগাঁও জিলাৰ কামপুৰ গুইমাৰীত বৃহস্পতিবাৰে ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ স্থানীয় লোকে জনোৱা মতে বাসগৃহটোৰ কাষতে থকা খেৰৰ মেজিঘৰ এটাৰ পৰা জুইৰ সূত্ৰপাত হয় ৷ কোনো সৰু ল'ৰাই খেৰৰ মেজিঘৰটোত জুই লগাই দিয়াৰ সন্দেহ স্থানীয় লোকৰ ৷ অগ্নিকাণ্ডটোত ভস্মীভূত হোৱা বাসগৃহটো হৈছে পুস্প কান্ত দেউৰী নামৰ এজন লোকৰ ৷ পাছত ঘটনাস্থলীত কামপুৰ আৰু ৰহাৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷

বঢ়মপুৰত ভয়াবহ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details