নগাঁও, 21 জানুৱাৰী: নগাঁও জিলাৰ কামপুৰ মাগুৰ গাঁও পঞ্চায়তৰ নলডুবাত এটি পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি মঙ্গলবাৰে সন্ধিয়া তীব্ৰ উত্তেজনামূলক পৰিবেশৰ সৃষ্টি হয় । অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় চাহিদ আলম নামৰ এটি দহবছৰীয়া শিশু । লগতে দূৰ্ঘটনাটোত গুৰতৰভাৱে আহত হয় নিহত শিশুটিৰ পিতৃ হামেদ আলী ৷ দূৰ্ঘটনাৰ পাছতে উত্তেজিত ৰাইজে জ্বলাই দিলে ট্ৰাকখন ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু কামপুৰ আৰক্ষী উপস্থিত হৈ জুই নুমোৱাৰ চেষ্টা কৰে । ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকচালক জনে । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নং হৈছে ASN-5623 ৷
বঢ়মপুৰৰ পথ দুৰ্ঘটনাত নিহত এটি ১০ বছৰীয়া শিশু - বঢ়মপুৰৰ কামপুৰ মাগুৰ গাঁৱৰ নলডুবাত পথ দুৰ্ঘটনাত এটি 10 বছৰীয়া শিশুৰ মৃত্যু
বঢ়মপুৰৰ কামপুৰ মাগুৰ গাঁৱৰ নলডুবাত পথ দুৰ্ঘটনাত এটি 10 বছৰীয়া শিশুৰ মৃত্যু ৷ উত্তেজিত ৰাইজে জ্বলালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৷
বঢ়মপুৰৰ পথ দুৰ্ঘটনাত নিহত এটি ১০ বছৰীয়া শিশু