নগাঁও, 5 মাৰ্চ :ৰাজ্যত এতিয়া তুংগত উঠিছে নিৰ্বাচনী কুচকাৱাজ ৷ তাৰ মাজতে চৰ্চালৈ আহিছে 87 নং বঢ়মপুৰ সমষ্টি ৷ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ’ব নেকি বঢ়মপুৰ সমষ্টিত ৷ আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই বঢ়মপুৰৰ পৰা একেৰাহে ৬ টাকৈ নিৰ্বাচনত বিজয়ী হৈ বিধানসভাত প্ৰতিনিধিত্ব কৰা প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতি অনিশ্চয়তা আহি পৰিছে ৷ এইবাৰ দিল্লীৰ চক্ৰান্তত নিজে জন্ম দিয়া দলটোৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ।
বিকল্প হিচাপে কি পদক্ষেপ গ্ৰহণ কৰিব মহন্তই ! - bahampur costituency
এইবাৰ বঢ়মপুৰ সমষ্টি অগপৰ পৰা কাঢ়ি ল'লে বিজেপিয়ে ৷ সমষ্টিত মহন্তৰ জনপ্ৰিয়তা ক্ৰমাত হ্ৰাস পোৱা নাই বুলি চৰ্চা চলা সময়তে মহন্তৰ পৰিৱৰ্তে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে পৰিচিত জিতু গোস্বামীক টিকট দিলে বিজেপিয়ে ৷
![বিকল্প হিচাপে কি পদক্ষেপ গ্ৰহণ কৰিব মহন্তই ! বিকল্প হিচাপে কি পদক্ষেপ গ্ৰহণ কৰিব মহন্তই !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10881585-thumbnail-3x2-ghdhd.jpg)
বিকল্প হিচাপে কি পদক্ষেপ গ্ৰহণ কৰিব মহন্তই !
বিকল্প হিচাপে কি পদক্ষেপ গ্ৰহণ কৰিব মহন্তই !
বৰ্তমান অগপত প্ৰায় একাষৰীয়া হৈ পৰিছে মহন্ত ৷ কা' বিৰোধিতাই কাল হ'ল নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ? দিল্লীৰ নিৰ্দেশত উঠা বহা নকৰাৰ বাবেই বঞ্চিত হ'ল নেকি মহন্ত ? এনে সময়ত প্ৰাসংগিক হৈ উঠিছে 2006 চনত অগপৰ পৰা আঁতৰি মহন্তই নিজে জন্ম দিয়া অগপ প্ৰগতিশীল দলৰ প্ৰসংগ ৷একেদৰে তেজপুৰ সমষ্টিটো অগপ বিধায়ক বৃন্দাবন গোস্বামীক টিকট দিব বিচৰা নাই বিজেপিয়ে ৷
লগতে পঢ়ক: ঘোষণা হ'ল বিজেপিৰ প্ৰাৰ্থীৰ তালিকা...