অসম

assam

ETV Bharat / state

কাজিৰঙালৈ সুখৰ বাৰ্তা : বুঢ়াপাহাৰ-বাগৰি বনাঞ্চলত গঁড় হত্যা শূন্য 2019 বৰ্ষত - কাজিৰঙালৈ সুখৰ বাৰ্তা : বুঢ়াপাহাৰ-বাগৰি বনাঞ্চলত গঁড় হত্যা শূন্য 2019 বৰ্ষত

যোৱাটো বৰ্ষত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত সংঘটিত হোৱা নাই কোনো গঁড় হত্যাৰ ঘটনা ৷ অৱশ্যে গোলাঘাট জিলাত দুটা আৰু বিশ্বনাথ জিলাত এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল 2019 বৰ্ষত ৷ ইয়াৰ পূৰ্বে  চোৰাং চিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন যজ্ঞ চলায় নিয়াত বন বিভাগ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷

বুঢ়াপাহাৰ-বাগৰি বনাঞ্চলত গঁড় হত্যা শূন্য 2019 বৰ্ষত
বুঢ়াপাহাৰ-বাগৰি বনাঞ্চলত গঁড় হত্যা শূন্য 2019 বৰ্ষত

By

Published : Jan 9, 2020, 12:34 PM IST

কলিয়াবৰ,9 জানুৱাৰী :বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গঢ়িলে অভিলেখ ৷ 2019 বৰ্ষতো বিশেষভাৱে স্মৰণীয় হৈ ৰ'ব বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি কাজিৰঙাৰ বাবে ৷ যোৱাটো বৰ্ষত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত সংঘটিত হোৱা নাই কোনো গঁড় হত্যাৰ ঘটনা ৷ অৱশ্যে গোলাঘাট জিলাত দুটা আৰুবিশ্বনাথ জিলাত এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল 2019 বৰ্ষত ৷ বিগত দহ বছৰৰ ভিতৰত এইয়াই হৈছে গঁড় হত্যাৰ সৰ্বনিম্ন হাৰ ৷ যিটো খবৰে আশাৰ বতৰা কঢ়িয়াইছে কাজিৰঙালৈ ৷

আশাৰ বতৰা কঢ়িয়াইছে কাজিৰঙালৈ

ইয়াৰ পূৰ্বে চোৰাং চিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন যজ্ঞ চলায় নিয়াত বন বিভাগ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ কিন্তু যোৱা বৰ্ষটোত সকলোৰে সহযোগত নগাঁও আৰক্ষীয়ে দেখুৱালে কৰ্তব্য নিষ্ঠাৰ অপূৰ্ব নিদৰ্শন ৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে গঁড় সুৰক্ষাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা আৰু তদানীন্তন আৰক্ষী বিষয়া দেবেন বৰাৰ লগতে জখলাবন্ধা আৰক্ষীক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জনায় মানপত্ৰ আৰু নগদ ধনৰ উপহাৰ প্ৰদান কৰে ৷

বুঢ়াপাহাৰ-বাগৰি বনাঞ্চলত গঁড় হত্যা শূন্য 2019 বৰ্ষত

শেহতীয়াকৈ এক অনুষ্ঠানত নগাঁৱৰ আৰক্ষী অধীক্ষকে গঁড় হত্যাৰোধত কোনো নিৰ্দিষ্ট বিভাগক কৃতিত্ব দিয়াৰ পৰিৱৰ্তে বন বিভাগ, আৰক্ষী, গাঁওৰক্ষী বাহিনী, কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ, সংবাদসেৱী, অৰণ্যক আৰু বিশ্ব বন্যপ্ৰাণী সংস্থাক কৃতিত্ব প্ৰদান কৰে৷ আগন্তুক সময়ৰ বাবেও 2019 বৰ্ষৰ দৰে গঁড় হত্যা ৰোধৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ পণ ল'লে সংশ্লিষ্ট সকলো পক্ষই ৷

লগতে চাওকঃছয়গাঁও উকিয়াম পথেৰে সৰবৰাহ হয় চোৰাং কয়লা

ABOUT THE AUTHOR

...view details