চামগুৰি,9 ডিচেম্বৰ : নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা হাতী-মানুহৰ সংঘাতৰ মাজতে বন্যপ্ৰাণীৰ প্ৰতি থকা মানুহৰ মৰমৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে উদমাৰীবাসীয়ে । বুধবাৰে প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু উদমাৰী বন বিভাগৰ কৰ্মচাৰীয়ে বোকাত আবদ্ধ হৈ থকা ভৰিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে এটি কণমানি বন্যহস্তীৰ পোৱালী ।
বন্যহস্তীৰ জাকৰ পৰা ভৰিত আঘাত পোৱাৰ পাচত বোকাত আবদ্ধ হৈ পৰিছিল হাতী পোৱালীটো । বহু চেষ্টা কৰিও মাকে উদ্ধাৰ কৰিব নোৱাৰিলে হাতী পোৱালীটো । পুৱাৰ ভাগতে পোৱালীটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ততালিকে বন বিভাগক খবৰ দিয়ে ।