অসম

assam

ETV Bharat / state

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ১৪৪ ধাৰা জাৰি কলিয়াবৰ মহকুমা প্ৰশাসনৰ - ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ১৪৪ ধাৰা জাৰি কলিয়াবৰ মহকুমা প্ৰশাসনৰ

বান পৰিস্থিতিয়ে ভয়াবহ বিপদ কঢ়িয়াই কাজিৰঙাৰ জীৱকুললৈ(Flood in Assam) । যুদ্ধকালীন তৎপৰতাৰে বনকৰ্মীসকলে বান পৰিস্থিতিৰে মোকাবিলা কৰিবলগীয়া হয় । সেয়ে এইবাৰ সাম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল(Forest Camps and Guard to be well Equipped) । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা ।

flood-arrangement-at-kaziranga-np-in-burhapahar
বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

By

Published : May 23, 2022, 2:00 PM IST

কলিয়াবৰ,২৩ মে':বাৰিষাৰ আগমনৰ লগে লগেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বানৰ বিভিষিকা(Flood in Assam) । বানে প্ৰতিবছৰে বেয়াকৈ ক্ষতিসাধন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক । বনকৰ্মীসকলে জীৱন হাতৰ মুঠিত লৈ মোকাবিলা কৰে বান পৰিস্থিতিৰ সৈতে । সেয়ে এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানত সৰ্বাধিক ক্ষতি হোৱা কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলত আগতীয়াকৈ তৎপৰতা গ্ৰহণ কৰিছে বিষয়া তথা বনৰক্ষীসকলে(Forest Camps and Guard to be well Equipped) ।

সেয়ে সাম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল

কাজিৰঙাৰ জীৱকুলৰ সুৰক্ষাৰ প্ৰতি লক্ষ‍্য ৰাখি কলিয়াবৰ মহকুমাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ সীমাৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত জাৰি কৰিছে ১৪৪ ধাৰা । বুঢ়াপাহাৰ বনাঞ্চলত সাজু কৰি তুলিছে ২৫ খন হাত নাও, ৩ খনকৈ মেচিন নাও । বানপানীৰ সৈতে মোকাবিলা কৰিবৰ বাবে পৃথকে-পৃথকে সাজু কৰিছে বনকৰ্মীৰ দল ।

বনকৰ্মীৰ বাবে নাও সাজু কৰাত ব্য়স্ত লোকসকল

বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্য জীৱ জন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে যাতে নিৰাপদে পাৰ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰে এই ১৪৪ ধাৰা । টাইম কাৰ্ডৰ ব‍্যৱস্থাৰ বাবে কলিয়াবৰ প্ৰশাসনক আগতীয়াকৈ আবেদন জনাইছে উদ‍্যান কৰ্তৃপক্ষৰ ।

লগতে পঢ়ক:ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবী চিপিআইএমৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details