কলিয়াবৰ, ১২ ফেব্ৰুৱাৰী: চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত পুনৰ উত্তাল ৰাজ্য । চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই । চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখাই দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা , ভূমি পট্টা প্ৰদান, জন-জাতিকৰণ, নিবনুৱা চাহ-জনজাতিৰ যুৱক-যুৱতীৰ সংস্থাপন আৰু চাহ-বাগিচাসমূহত থকা প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ দাবীত কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে আটছাৰ বিষয়ববীয়াই ।
কলিয়াবৰত আটছাৰ উত্তাল প্ৰতিবাদ - as100141
চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ । কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।
কলিয়াবৰত আটছাৰ উত্তাল প্ৰতিবাদ
ইফালে আটছাৰ বিষয়ববীয়াৰ অভিযোগ চৰকাৰে যোৱা পাঁচ বছৰে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি কেৱল নিৰ্বাচনকেন্দ্ৰীকহে আঁচনি । ভোটৰ স্বাৰ্থত বিভিন্ন আঁচনিৰ ঘোষণা কৰা চৰকাৰে চাহ-জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদান, চাহ বনুৱাৰ প্ৰাপ্য মজুৰীৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ সংগঠনটোৰ । আনহাতে দাবী পূৰণ নহ'লে নিৰ্বাচনৰ সময়ত চাহ বাগিছা অঞ্চলত চৰকাৰৰ প্ৰচাৰ কাৰ্যত বাধা দিয়াৰ হুংকাৰ সংগঠনটোৰ ।
লগতে পঢ়ক :বাক্সাত সশস্ত্ৰ সীমা বলৰ চাফাই অভিযান