অসম

assam

অবৈধ প্ৰেমিকাৰে মিলি কলিয়াবৰত পত্নীক হত্য়াৰ চেষ্টা

By

Published : Sep 6, 2022, 7:35 PM IST

কলিয়াবৰত সংঘটিত হৈছে অঘটন । সামাজিক মাধ‍্যমত এখন ফটো প্ৰত্য়ক্ষ কৰাৰ পিছতেই ভয়ানক কাণ্ড সংঘটিত হৈছে কলিয়াবৰত(Attempt to murder in Kaliabar)। অবৈধ প্ৰেমিকৰ পত্নীক প্ৰেমিকাই হত‍্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

Attempt to murder in Kaliabar
অবৈধ প্ৰেমিকাৰে মিলি কলিয়াবৰত পত্নীক হত্য়াৰ চেষ্টা

কলিয়াবৰ ,৬ ছেপ্টেম্বৰ:চৰকাৰ তথা বিভিন্ন সংগঠনে ব্য়াপক সজাগতা সৃষ্টি কৰাৰ পিছতো ৰাজ্য়ত বৃদ্ধি পায়েই আছে নাৰী নিৰ্যাতনৰ ঘটনা(harassment of women increased in Assam)। যৌতুকৰ লগতে অবৈধ প্ৰেমৰ সম্পৰ্কৰ(attempt to murder for illicit love affair)বাবে মহিলাৰ ওপৰত সঘনাই নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ কলিয়াবৰতো পুনৰ বৃদ্ধি পাব ধৰিছে পাৰিবাৰিক হিংসাৰ ঘটনা । জিলাখনৰ শাগমুঠিয়া চাহ বাগিচাত এনে এক ঘটনা পোহৰলৈ আহিছে ।

অবৈধ প্ৰেমিকাৰে মিলি কলিয়াবৰত পত্নীক হত্য়াৰ চেষ্টা

ঘটনাৰ বিৱৰণী অনুসৰি পোন্ধৰ বছৰীয়া বৈবাহিক জীৱনত আউল লগালে সামাজিক মাধ‍্যমৰ এখন ফটোৱে । এই অবৈধ সম্পৰ্কৰ প্ৰমাণ দিয়া এখন ফটোৰ পিছত প্ৰাণে মৰাৰ অপচেষ্টা ললিতা নামৰ এগৰাকী মহিলাক । কলিয়াবৰৰ শাগমুঠিয়া চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনাটো(Attempt to murder in Shagmuthia Tea Estate)। উক্ত ঘটনাটোৰ পিছতেই দোষীক উচিত শাস্তিৰ দাবীৰে মঙলবাৰে জখলাবন্ধা থানা উত্তাল কৰিলে বাগিচাখনৰ মহিলা সমিতিয়ে । ৰাইজৰ দাবীত অৱশেষত আৰক্ষীয়ে আটক কৰে ভূক্তভোগী মহিলাগৰাকীৰ স্বামীৰ লগতে অবৈধ প্ৰেমিকাক ।

সামাজিক মাধ‍্যমত প্ৰকাশিত এই ফটোখনৰ তলত প্ৰেমৰ চিহ্নৰে সৈতে লিখা আছিল'হেপী ফিলিং'। এই ফটোখনেই কাল হ'ল ললিতা মুণ্ডা নামৰ এগৰাকী মহিলাৰ । শুকলাল মুণ্ডাৰ সৈতে অবৈধ প্ৰেমিকাৰ সামাজিক মাধ‍্যমত আপত্তিজনক ফটো দেখি ললিতাই প্ৰশ্ন কৰাৰ পিছতেই অবৈধ প্ৰেমিকাৰে মিলি পত্নীক আক্ৰমণ কৰিলে শুকলালে । ফলত চিকিৎসালয়ৰ বিচনাত চটফটাই আছে ললিতা মুণ্ডাই ।

অবৈধ প্ৰেমিকাৰে মিলি কলিয়াবৰত পত্নীক হত্য়াৰ চেষ্টা

ভুক্তভোগী ললিতাই অভিযোগ কৰি কয় যে স্বামীৰ অবৈধ প্ৰেমিকা পদ্মাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তেওঁক প্ৰাণে মৰাৰ অপচেষ্টা চলাইছিল । অভিযুক্ত পদ্মাই বুকু,ডিঙি আদিত চোকা অস্ত্ৰৰে আঘাত কৰে । এই আক্ৰমণত শুকলালে সহযোগ কৰা বুলিও তেওঁ অভিযোগ কৰে ।

দেওবাৰে সংঘটিত এই ঘটনাৰ পিছতে জখলাবন্ধা আৰক্ষীক(People protest in Jakhalabandha police station)এজাহাৰ দিয়া হৈছিল যদিও আৰক্ষীয়ে ঘটনাটোত গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে স্থানীয় লোকে । এই ঘটনাৰ পিছতে মঙলবাৰে দোষীক শাস্তি বিহাৰ দাবীত জখলাবন্ধা থানা উত্তাল কৰে স্থানীয় মহিলা সমিতিয়ে । উক্ত ঘটনাত জড়িত শুকলালৰ লগতে অবৈধ প্ৰেমিকাক আটক কৰে জখলাবন্ধা আৰক্ষীয়ে ।

নগতে পঢ়ক:ভাত ৰান্ধি নিদিয়াৰ বাবেই স্বামীয়ে গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পত্নীক

ABOUT THE AUTHOR

...view details