নগাঁও, 7 নবেম্বৰ: এ টি এমৰ পৰা ধন উলিয়াওঁতে সাৱধান হঁওক আপুনি । ওচৰত কোনো অজ্ঞাত ব্যক্তি থাকিলে সাৱধানে ৰাখক আপোনাৰ এ টি এম । গোপন ৰাখক আপোনাৰ পাছৱাৰ্ড । কাৰণ এ টি এমত খাপ পিটি থাকে দুৰ্বৃত্তই । লুটি নিব পাৰে আপোনাৰ সমস্ত সাঁচতীয়া ধন । এন এক ঘটনাই সংঘটিত হৈছে নগাঁৱত । নগাওঁ চহৰৰ শিৱ মন্দিৰত উপস্থিত হৈ হুকহুকাই কান্দিছে এগৰাকী মহিলাই । মহিলাগৰাকী নগাঁৱৰ বুঢ়াগোহাঁই আদৰ্শ গাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, নাম কনকলতা হাজৰিকা । ২০১৬ চনতে অৱসৰ গ্ৰহণ কৰা কনকলতা হাজৰিকাই নিজৰ পেঞ্চনৰ ধনেৰে চলাই আছিল পৰিয়াল । কিছুদিন পূৰ্বে মহিলাগৰাকী আক্ৰান্ত হৈছিল বৃক্কৰ এক জটিল ৰোগতো । মাটি বিক্ৰী কৰা ধনেৰে চিকিৎসা গ্ৰহণ কৰি আছিল মহিলাগৰাকীয়ে । মাটি বিক্ৰীৰ কিছু ধন জমা কৰি ৰাখিছিল ভাৰতীয় ষ্টেট বেংকত থকা নিজৰ একাউন্টত ৷
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ একাউন্টৰ পৰা দুৰ্বৃত্তই লুটিলে ধন - নগাঁৱত মহিলাৰ এ টি এমৰ পৰা লুটিলে ধন
নগাঁৱৰ এটা মন্দিৰত হুকহুকাই কান্দিলে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীয়ে । মহিলাগৰাকীৰ একাউন্টৰ পৰা দুৰ্বৃত্তই লুটিলে ধন । এ টি এমৰ পৰা ধন উলিওৱাৰ সময়তে এগৰাকী বোৰ্খা পৰিহিত মহিলাই সলাই নিলে মহিলাগৰাকীৰ এ টি এম ।
নগাঁৱত মহিলাৰ এ টি এমৰ পৰা দুৰ্বৃত্তই লুটিলে ধন