কলিয়াবৰ, ৯ ফেব্ৰুৱাৰী: মঙলবাৰে কলিয়াবৰত উদযাপন কৰা হয় অসম চাহ নিগমৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস । কলিয়াবৰৰ আমলখি চাহ বাগিছাত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয় । ইয়াৰ উপৰিও বাৰে-ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।
অসম চাহ নিগমৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
কলিয়াবৰৰ আমলখি চাহ বাগিছাত অসম চাহ নিগমৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসম চাহ নিগমৰ শীৰ্ষ বিষয়াসকলে ।
অসম চাহ নিগমৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
ঝুমুৰ নৃত্য, বিহু নৃত্য আদি পৰিৱেশন কৰে শিল্পীসকলে । বিহু গীতৰ সুৰত মুখৰিত হৈ পৰে আমলখি বাগিছা ।
১৯৭২ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা কৰা হৈছিল অসম চাহ নিগম । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, অসম চাহ নিগমৰ অধ্যক্ষ অমিয় বৰা, পৰিচালন সঞ্চালিকা ৰাণী কাথাৰপিয়ে অংশগ্ৰহণ কৰে । লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰস্তুত কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই ।
লগতে পঢ়ক:নগাঁৱত ব্ৰাউন চুগাৰসহ আটক সৰবৰাহকাৰী