অসম

assam

ETV Bharat / state

নগাঁৱত প্ৰহসনত পৰিণত চৰকাৰৰ অটল অমৃত অভিযান

নগাঁৱত প্ৰহসনত পৰিণত হৈছে বিজেপি চৰকাৰৰ চমক সৃষ্টিকাৰী আঁচনি অটল অমৃত অভিযান। এই আঁচনিৰ অধীনত নাম অন্তৰ্ভুক্ত কৰা ১২ লক্ষাধিক লোকৰ এজনেও নগাঁৱত নাপায় এই আঁচনিৰ সুবিধা। এই আঁচনিৰ অধীনত নগাঁৱৰ এখনো ব্যক্তিগত নাৰ্ছিং হোমত নাই চিকিৎসাৰ ব্যৱস্থা। জৰুৰীকালীন ৰোগীৰ বাবে নাই চৰকাৰী কোনো আই চি ইউৰ ব্যৱস্থা। উন্নত চিকিৎসাৰ পৰা আজিও বঞ্চিত নগাওঁ জিলাৰ দৰিদ্ৰ ৰোগী।

চৰকাৰৰ অটল অমৃত অভিযান
চৰকাৰৰ অটল অমৃত অভিযান

By

Published : Feb 10, 2020, 5:30 PM IST

Updated : Feb 11, 2020, 2:59 PM IST

নগাঁও, 10 ফেব্ৰুৱাৰীঃ"অটল অমৃত অভিযান"বিজেপি চৰকাৰৰ এখন অন্যতম চমক সৃষ্টিকাৰী আঁচনি । মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ পাছতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত দৰিদ্ৰ পৰিয়ালৰ ৰোগীক উন্নত চিকিৎসা প্ৰদানৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা হৈছিল এই অটল অমৃত অভিযান নামৰ আঁচনিৰ। কিন্তু জানিব পৰা মতে, বিয়াগোম এই আঁচনিৰ অধীনত নগাওঁ জিলাত কোনো দৰিদ্ৰ ৰোগীয়ে লাভ কৰা নাই চিকিৎসা। উক্ত আঁচনিৰ অধীনত প্ৰতিদিনেই চলি আছে পঞ্জীয়নৰ কাম।

আৰ্থিক সক্ষমতা নথকা বহু লোকে দৈনিক শাৰী পাতি অটল অমৃত অভিযানৰ অধীনত নিজৰ নাম পঞ্জীয়ন কৰি আহিছে । এই পৰ্যন্ত জিলাখনৰ মুঠ১২ লাখ ২৫ হাজাৰ লোকে এই আঁচনিৰ সুবিধা লাভ কৰাৰ আশাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে । আঁচনিখনৰ অধীনত দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়েও ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসা গ্ৰহণ কৰিলে ২ লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব লাগে। বৃক্ক, হৃদৰোগ, জুইয়ে পোৰা, কৰ্কট ৰোগ, স্নায়ু ৰোগসহ আই চি ইউত চিকিৎসা গ্ৰহণ কৰিবলগীয়া যিকোনো জৰুৰীকালীন অৱস্থাৰ ৰোগীয়েও লাভ কৰিব লাগে এই আঁচনিৰ সুবিধা।

চৰকাৰৰ অটল অমৃত অভিযান

কিন্তু নগাঁৱত একপ্ৰকাৰ বুমেৰাং এই আঁচনি। কাৰণ নগাঁৱত এই আঁচনিৰ অধীনত এখনো নাৰ্ছিং হোমত চিকিৎসাৰ ব্যৱস্থা নাই ৷ আনকি মধ্য অসমৰ উন্নত চিকিৎসাৰ একমাত্ৰ চিকিৎসালয় নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়তো নাই আই চি ইউৰ সুবিধা। যাৰ বাবে জৰুৰীকালীন অৱস্থাৰ ৰোগীক প্ৰেৰণ কৰিব লাগে গুৱাহাটীলৈ। নগাঁৱৰ তিনিখনকৈ ব্যক্তিগত নাৰ্ছিং হোমত আই চি ইউৰ ব্যৱস্থা আছে যদিও অৰ্থৰ অভাৱত চিকিৎসা গ্ৰহণ কৰিব নোৱাৰে দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে।

লগতে পঢ়কঃ লোকসভাত টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰসংগ

আনহাতে ৰোগীসকলক নগাওঁ চৰকাৰী চিকিৎসালয়ৰ প্ৰায় ১৩০ কিল'মিটাৰ দূৰত্বৰ গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও উপযুক্ত সময়ত চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটিবলগীয় হয় বহু ৰোগীয়ে। অটল অমৃত নামৰ এই আঁচনিৰ অধীনত ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাৰ কোনো ব্যৱস্থা নাই যদিও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এখন অমৃত ফাৰ্মাচী আছে। কিন্তু ঔষধ বিচাৰিলে পোৱা নাযায় এই অমৃত ফাৰ্মাচীত। ফলত বাহিৰৰ ফাৰ্মাচীৰ পৰাই ঔষধ ক্ৰয় কৰি গ্ৰহণ কৰিবলগীয়া হয়। চৰকাৰে বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰচ কৰা অটল অমৃত অভিযান বৰ্তমান নগাঁৱৰ দৰিদ্ৰ ৰোগীৰ বাবে এটা নামহে মাত্ৰ।

Last Updated : Feb 11, 2020, 2:59 PM IST

ABOUT THE AUTHOR

...view details