ETV Bharat Assam

অসম

assam

ETV Bharat / state

চামগুৰিত হঠাৎ বাক-ৰুদ্ধ হ'ল মণিমাধৱ মহন্ত - AGP

নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিবলৈ লৈ হঠাৎ বাক-ৰুদ্ধ হৈ পৰিল কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত ৷ বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে চামগুৰিত এখন জনসভা সম্বোধন কৰে মণিমাধৱ মহন্তই ৷ কিন্তু নিজৰ ভাষণ আৰম্ভ কৰি বহু সময় মৌন হৈ ৰয় প্ৰাৰ্থীগৰাকী ৷ আচলতে যি সময়ত মণিমাধৱ মহন্তই ভাষণ আৰম্ভ কৰিছিল, ঠিক সেই সময়তেই মছজিদৰ ভাঁহি আহিল আজানৰ ধ্বনি ৷ এই ধ্বনি শুনি তৎমূহুৰ্ততে ভাষণ বন্ধ কৰি মৌন হৈ ৰয় মণিমাধৱ মহন্ত ৷ বহু সময় বাক-ৰুদ্ধ হৈ থাকি আজান সম্পূৰ্ণ হোৱাৰ পাচতহে পুনৰ ভাষণ আৰম্ভ কৰে অগপ প্ৰাৰ্থীগৰাকীয়ে ৷

চামগুৰিত হঠাৎ বাক-ৰুদ্ধ হ'ল মণিমাধৱ মহন্ত
author img

By

Published : Apr 5, 2019, 5:06 AM IST

চামগুৰি, 4 এপ্ৰিল: নিৰ্বাচনী ভাষণ আৰম্ভ কৰিয়েই কংগ্ৰেছক এক প্ৰকাৰ থকা সৰকা কৰে মণিমাধৱ মহন্তই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সন্দৰ্ভত তেওঁ কয় যে লাচিত অথবা বাঘ হাজৰিকাৰ নহয়, বৰঞ্চ তৰুণ গগৈৰ দেহত প্ৰৱাহিত হৈ আছে ভেজাল তেজ ৷ ইয়াৰ লগতে প্ৰাৰ্থী গৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ তুলি কয় যে, সংখ্যালঘু শব্দ ব্যৱহাৰ কৰি ভাৰতীয় মুছলমান আৰু অসম তথা ভাৰতীয় লোকৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰিছে কংগ্ৰেছে । এই সংখ্যালঘু শব্দৰ বিপৰীতে ইছলাম ধৰ্মাৱলম্বী অসমীয়া বুলি ব্যৱহাৰ কৰিব বুলি উল্লেখ কৰে মণিমাধৱ মহন্তই ৷ তাৰোপৰি 1971 চনৰ পূৰ্বৰ সকলো লোকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দায়িত্ব লোৱাৰ কথাও উল্লেখ কৰি লগতে কলিয়াবৰ সমষ্টিত গগৈ পৰিয়ালৰ ছিণ্ডিগেট চলি থকা বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে । বিগত বহুকেইটা কাৰ্যকাল গগৈ পৰিয়ালৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টিটোত এইবাৰ ঘৰুৱা প্ৰাৰ্থীগৰাকীয়ে কেনে ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে সেয়া লক্ষণীয় হ'ব ৷

চামগুৰিত হঠাৎ বাক-ৰুদ্ধ হ'ল মণিমাধৱ মহন্ত

নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিবলৈ লৈ হঠাৎ বাক-ৰুদ্ধ হৈ পৰিল কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত

লাচিত অথবা বাঘ হাজৰিকাৰ নহয় তৰুণ গগৈৰ দেহত ভেজাল তেজ প্ৰৱাহিত হৈ আছে বুলি মন্তব্য প্ৰাৰ্থীগৰাকীৰ

সংখ্যালঘু শব্দ ব্যৱহাৰ কৰি ভাৰতীয় মুছলমান আৰু অসম তথা ভাৰতীয় লোকৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰিছে কংগ্ৰেছে

সংখ্যালঘু শব্দৰ বিপৰীতে ইছলাম ধৰ্মাৱলম্বী অসমীয়া বুলি ব্যৱহাৰ কৰিব বুলি উল্লেখ কৰে মণিমাধৱ মহন্তই

For All Latest Updates

ABOUT THE AUTHOR

...view details