পুৰণিগুদাম, 6 জানুৱাৰী : অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিয়ে উভতি ধৰিলে বিভিন্ন বিষয়েৰে বহুল বিতৰ্কৰ সূচনা কৰি সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক । নগাঁও জিলাৰ পুৰণিগুদামৰ মিকিৰহাটস্থিত পুৰণিগুদাম কলংপাৰ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে কৌতুক অভিনেতাজনে ৷
এইবাৰ কৌতুক অভিনেতা অতুল পাচনিয়ে উভতি ধৰিলে সত্যৰঞ্জন বৰাক - কৌতুক অভিনেতা অতুল পাচনি
বিভিন্ন বিষয়েৰে বহুল বিতৰ্কৰ সূচনা কৰি সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক উভতি ধৰিলে অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিয়ে ৷ নগাঁও জিলাৰ পুৰণিগুদামৰ মিকিৰহাটস্থিত পুৰণিগুদাম কলংপাৰ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিচতে সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰে অভিনেতাজনে ৷
![এইবাৰ কৌতুক অভিনেতা অতুল পাচনিয়ে উভতি ধৰিলে সত্যৰঞ্জন বৰাক Assam's popular comedian Atuly Pasani at puroni gudam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10144410-403-10144410-1609948093617.jpg)
এইবাৰ কৌতুক অভিনেতা অতুল পাচনিয়ে উভতি ধৰিলে সত্যৰঞ্জন বৰাক
এইবাৰ কৌতুক অভিনেতা অতুল পাচনিয়ে উভতি ধৰিলে সত্যৰঞ্জন বৰাক
উক্ত অনুষ্ঠানৰ পিচতেই সাংবাদিকক সম্বোধন কৰি সত্যৰঞ্জন বৰাক সমালোচনাৰ লক্ষ্য কৰ লয় অভিনেতাজনে ৷ তেওঁ কয়, ভাৰতৰ দৰে এখন ধৰ্মনিৰপেক্ষ দেশত সত্যৰঞ্জন বৰাৰ দৰে উগ্ৰ হিন্দুত্ববাদী নেতাই সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচি সমাজখনক বিশৃংখল কৰি তুলিছে ৷ এই কাৰ্যৰ পৰা সত্যৰঞ্জন বৰাক বিৰত থাকিবলৈ সকিয়াই দিয়ে অভিনেতাজনে ৷
লগতে পঢ়ক: মৰাণৰ আহোম পথাৰৰ পৰা আৰম্ভ হ'ব অসমৰ আঞ্চলিকতাবাদৰ নতুন ধাৰা