অসম

assam

ETV Bharat / state

অসমৰ ৰাইজে এজেপিক আদৰি লৈছে : লুৰিণজ্যোতি গগৈ - এজেপি

শনিবাৰে ৰহা সমষ্টিৰ কচুগাঁৱত এজেপিৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ এই সভাতেই অসমৰ ৰাইজে অসম জাতীয় পৰিষদক আদৰি লোৱা বুলি মন্তব্য কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

As_RAHA_assamese-people-have-accepted-ajp-says-lurinjyoti-gogoi_vis_ASC10002
অসমৰ ৰাইজে এজেপিক আদৰি লৈছে : লুৰিণজ্যোতি গগৈ

By

Published : Jan 16, 2021, 5:01 PM IST

ৰহা,16 জানুৱাৰী:অসমৰ ৰাইজে অসম জাতীয় পৰিষদক আদৰি লৈছে ৷ শনিবাৰে ৰহা সমষ্টিৰ কচুগাঁৱত এজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ অসমৰ ৰাইজে বিজেপিক নিৰ্মূল কৰিবলৈ আঞ্চলিকতাবাদক আদৰি লৈছে ৷ গতিকে আগন্তুক নিৰ্বাচনত অসমত পুনৰ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা হ’ব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ৷

লুৰিণজ্যোতি গগৈৰ মন্তব্য

ৰহাৰ কচুগাঁৱত অনুষ্ঠিত হোৱা দলীয় সভাত সতীৰ্থই উষ্ম আদৰণি জনায় এজেপিৰ সভাপতিগৰাকীক ৷ ৰহাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ পথ বিশাল ৰেলী কৰি সভাস্থলীত উপস্থিত হয় লুৰিণজ্যোতি গগৈ ৷ আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত এজেপিয়ে 126 টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ৷ ইয়াৰ উপৰিও আগন্তুক নিৰ্বাচনত সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বিৰুদ্ধে সকলো আঞ্চলিক দলৰ মিত্ৰতা হ’ব বুলিও কয় এজেপিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক-তিনিচুকীয়াটো আৰম্ভ হ'ল কোভিড-19 প্ৰশমনৰ টীকাকৰণ

ABOUT THE AUTHOR

...view details