নগাঁও,19 এপ্ৰিলঃ বহিঃ ৰাজ্যত চৰম সমস্যাৰ সন্মুখীন হৈছে অসমৰ এটা পৰিয়াল ৷ জিকিৰ সম্ৰাট প্ৰয়াত ৰেকিবুদ্দিন আহমেদৰ পৰিয়ালৰ বিশিষ্ট বুৰঞ্জীবিদ মফিজুদ্দিন আহমেদে তেওঁৰ পৰিয়ালৰ চিকিৎসাৰ বাবে তামিলনাডুলৈ গৈছিল ৷ কিন্তু লক ডাউনৰ বাবে তামিলনাডুতে আবদ্ধ হৈ থাকিব লগা হয় পৰিয়ালটো ৷ পৰিয়ালটো আবদ্ধ হৈ থকাৰ ফলত প্ৰশাসনে পৰিয়ালটোক প্ৰথমে লজত থকাৰ ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছিল যদিও ১৫ এপ্ৰিলত সেই নিৰ্দেশনা নাকচ কৰি পুনৰ ৫০শতাংশ ভাড়া দিয়াৰ নিৰ্দেশনা জাৰি কৰে। ইয়াৰ উপৰি ১ এপ্ৰিলৰ পৰা অনিয়মীয়া খাদ্য যোগানৰ লগতে জেনেৰেটৰৰ ব্যৱস্থাও কৰ্তন কৰি দিয়ে প্ৰশাসনে ৷ যাৰ ফলত এতিয়া অনাহাৰে অনিদ্ৰাত দিন পাৰ কৰা দুৰ্ভগীয়া পৰিয়ালটোৱে তেওঁলোকক সহায়ৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৷
তামিলনাডুত তীব্ৰ সংকটৰ সন্মুখীন অসমৰ পৰিয়াল - অনাহাৰে অনিদ্ৰাত দিন পাৰ কৰা দুৰ্ভগীয়া পৰিয়ালটোৱে তেওঁলোকক সহায়ৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে
বহিঃৰাজ্যত চৰম সমস্যাৰ সন্মুখীন অসমৰ পৰিয়াল ৷ সহায়ৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ ৷
তামিলনাডুত তীব্ৰ সংকটৰ সন্মুখীন অসমৰ পৰিয়াল