ধিং, 19 ফেব্ৰুৱাৰীঃভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসাকেন্দ্ৰৰ উদ্যোগত, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সহযোগত ১৬ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনড'ৰ ষ্টেডিয়ামত, সফলতাৰে অনুষ্ঠিত হৈ যায় ত্ৰয়োদশতম অসম যোগ মহোৎসৱ ৷ অনুষ্ঠানটিত সভাপতিত্ব কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপকযোগাচাৰ্য শুভাশীষ কৰে ৷অনুষ্ঠানটিৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা দলীয় যোগাসন প্ৰতিযোগিতাত, ধিঙৰ আৰোগ্য যোগ কেন্দ্ৰৰ দলে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ এই অনুষ্ঠানত আৰোগ্য যোগ কেন্দ্ৰ আৰু যোগবিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, সম্পাদক ৰূপজ্যোতি কৰক জীৱনজোৰা সাধনা আৰু যোগৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয় ৷
সফলতাৰে অনুষ্ঠিত হৈ যায় ত্ৰয়োদশতম অসম যোগ মহোৎসৱ - ৰূপজ্যোতি কৰ
গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনড'ৰ ষ্টেডিয়াম সফলতাৰে অনুষ্ঠিত হৈ যায় ত্ৰয়োদশতম অসম যোগ মহোৎসৱ ৷ ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সহযোগত এই অনুষ্ঠান আয়োজন কৰা হয় ৷
অসম যোগ মহোৎসৱ