নগাঁও, 24মে':শনিবাৰে অসম ৰাজ্যিক পৰিৱহণ নিগমৰ নগাঁও কাৰ্যালয় পৰিদৰ্শন কৰে অসম ৰাজ্যিক পৰিৱহণ নিগমৰ অধ্যক্ষ অশোক ভট্ট ৰয়ে ৷ বহিঃৰাজ্যৰ পৰা চাপৰমুখ আৰু লামডিংলৈ অহা লোকসকলক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে নিগমে ৷ তাৰেই সংক্ৰান্তত যাৱতীয় ব্যৱস্থা, সুৰক্ষাৰ বুজ লয় অধ্যক্ষগৰাকীয়ে ৷
নগাঁওৰ পৰিৱহণ নিগমৰ কাৰ্যালয়ত নিগমৰ অধ্যক্ষ অশোক ভট্ট ৰয় - যাৱতীয় ব্যৱস্থা
যাৱতীয় ব্যৱস্থা, সুৰক্ষাৰ বুজ লয় অধ্যক্ষগৰাকীয়ে ৷ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতো মত-বিনিময় কৰে অধ্যক্ষ অশোক ভট্ট ৰয়ে ৷
নগাঁওৰ পৰিবহণ নিগমৰ কাৰ্যালয় পৰিদৰ্শন ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্ট ৰয়ৰ
বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতো মত-বিনিময় কৰে অধ্যক্ষ অশোক ভট্ট ৰয়ে ৷ কৰ'ণা মহামাৰীৰ এই ভয়াৱহ সময়তো নিষ্ঠাৰে কাম কৰি থকা পৰিৱহণ বিভাগৰ নগাঁওৰ বিষয়া-কৰ্মচাৰীসকলক উৎসাহিত কৰি কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাৰ বাবে চৰকাৰৰ লগত আলোচনা কৰাৰ কথাও সংবাদ মাধ্যমৰ আগত অৱগত কৰে অধ্যক্ষগৰাকীয়ে ৷
লগতে পঢ়কঃতীৰ্থস্থানক কেন্দ্ৰ কৰি ৰাজ্যত পৰ্যটনৰ নতুন উদ্যোগ